NORTHEAST NOW (Assamese)

অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি পদত ড০ পৰমানন্দ ৰাজবংশী, প্ৰধান সম্পাদক পদত পদুম ৰাজখোৱা

December 29, 2017 8:25 am · এন ই নাও নিউজ
পৰমানন্দ ৰাজবংশী। প্ৰতীকী ছবি।

অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে ড০ পৰমানন্দ ৰাজবংশী। বৃহস্পতিবাৰে বৰপেটাৰোড সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা ভোট গণনাৰ অন্তত আজি ঘোষণা কৰা ফলাফল অনুসৰি ৰাজবংশীয়ে তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী প্ৰহ্লাদ তাছাক দুশ ভোটৰ ব্যৱধানত পৰাজিত কৰে।

ঘোষিত ফলাফল অনুসৰি সভাৰ প্ৰধান সম্পাদক পদত নিৰ্বাচিত হৈছে নগাঁৱৰ পদুম ৰাজখোৱা। ৰাজখোৱাই নিকটতম প্ৰতিদ্বন্দ্বী যাদব শৰ্মাক ৮টা ভোটৰ ব্যৱধানত পৰাজিত কৰি নিৰ্বাচিত হৈছে। উপ সভাপতি পদত নিৰ্বাচিত হৈছে ড০ হেমন্ত কুমাৰ বৰুৱা। তেওঁ নোমল গগৈক ১৬ টা ভোটত পৰাজিত কৰিছে। বৰুৱাই ২১১ টা ভোট পোৱাৰ বিপৰীতে গগৈয়ে ১৯৫ টা আৰু স্বাধীনতা মহন্তই ১৩২ টা ভোট লাভ কৰিছে।

অসম সাহিত্য সভাৰ এইবাৰৰ সভাপতি পদৰ প্ৰাৰ্থীৰ হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল সভাৰ বৰ্তমানৰ প্ৰধান সম্পাদক ড০ পৰমানন্দ ৰাজবংশী, বিশিষ্ট ঔপন্যাসিক য়েছে দৰজে ঠংচি, সাহিত্যিক ড০ কৰবী ডেকা হাজৰিকা আৰু সাহিত্য সভাৰ এগৰাকী প্ৰাক্তন প্ৰধান সম্পাদক নাহেন্দ্ৰ পাদুন।

আজি পুৱতি নিশালৈকে ভোট গ্ৰহণ চলা অসম সহিত্য সভাৰ নিৰ্বাচনৰ ভোটগণনাৰ দায়িত্বত আছিল নিৰ্বাচনী বিষয়া দাসো কলিতা, নিৰ্বাচনী বিষয়া বিজন মহাজন আৰু ভূপেন শৰ্মা। পৰ্যবেক্ষক হিচাপে আছিল ৰত্নেশ্বৰ বসুমতাৰী, পাৰি লংপি, সুপ্ৰভা মেধি, নুৰুল চুলতান আৰু গিৰিশ সন্দিকৈ। বৃহস্পতিবাৰে বেলট বাকচ সমূহ গণনাৰ বাবে যোৰহাটৰ পৰা বৰপেটা ৰোডলৈ অনা হৈছিল।

Related News