অসম ৰাইফলছৰ উদ্দ্যোগত হাফলঙত বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন

World Disabled Day in Haflong

আজি ডিমা হাছাও জিলাৰ হাফলঙত ৪৩ নং অসম ৰাইফলছে আই জি এ আৰ (ই) মুখ্য কেন্দ্ৰৰ ২২ নং অসম ৰাইফলছৰ সহযোগত বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন কৰে।

এই উপলক্ষে ডিমা হাছাও জিলাৰ মাহোৰত থকা নিউ জোৱাৰ এল পি স্কুল, ব্লক বজাৰত থকা ২ নং চোতো ৱাছিলিং আৰু হাফলঙত থকা ছেইন্ট এগনেছ কনভেন্ত স্কুলত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

কাৰ্যসূচীসমূহত মুঠ ১৩৫ গৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। উক্ত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ১৫ গৰাকী বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীও আছিল।

বিশেষভাৱে সক্ষম শিশু সকলৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনি সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়োজন কৰা উক্ত অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীৰ মাজত আয়োজক সকলে উপহাৰ বিতৰণ কৰে।

বিশ্ব প্ৰতিবন্ধী দিৱসৰ লগত সংগতি উক্ত অনুষ্ঠানসমূহ আয়োজন কৰাৰ বাবে সংশ্লিষ্ট বিদ্যালয়সমূহৰ কৰ্তৃপক্ষ, ছাত্ৰ-ছাত্ৰী তথা অঞ্চলবাসীয়ে আয়োজক সকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।