অসম ৰাজ্যিক চিৰিয়াখানাত সংঘটিত কেলেংকাৰিৰ তদন্ত ক্ষীপ্ৰতৰ কৰক : চিৰিয়াখানা সুৰক্ষা মঞ্চ
অসম বিধানসভাৰ বাজেট অধিবেশন চলি থকা সময়ত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই অসম তথা উত্তৰ-পূবৰ গৌৰৱ অসম ৰাজ্যিক চিৰিয়াখানাক সুৰক্ষা প্ৰদানৰ বাবে আহ্বান জনাইছিল। বিধায়কগৰাকীৰ এই পদক্ষেপক আদৰণি জনাই আজি ৮ এপ্ৰিলত চিৰিয়াখানা সুৰক্ষা মঞ্চই গুৱাহাটীত এখন সংবাদ মেলৰ আয়োজন কৰে।
উক্ত সংবাদ মেলত মঞ্চৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই কয় যে ২০১৭ চনতে তেওঁলোকে চিৰিয়াখানাক সুৰক্ষা প্ৰদান কৰিবৰ বাবে দাবী জনাই আহিছিল। কিন্তু ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ বাহিৰে কোনেও এই কথাত গুৰুত্ব আৰোপ নকৰিলে। সেই সময়ত বিধান সভাৰ অধ্যক্ষই বিধায়ক কলিতাক আলোচনাৰ বাবে অনুমতি প্ৰদান নকৰিলে যদিও এইবাৰ তেওঁ বিস্তৃতভাৱে আলোচনা কৰি বন বিভাগৰ প্ৰধান সচিবক জৰুৰীভাৱে তদন্তৰ দায়িত্ব দিবলৈ সক্ষম হৈছে।
সংবাদ মেলৰ অন্তত সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যৰ সৈতে নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত বৈশ্যই কয় ‘আমি কৰা অভিযোগ অনুসৰিয়েই বন বিভাগৰ মুখ্য সচিবক তদন্ত কৰিবৰ বাবে বিধানসভাই দায়িত্ব দিছে। ১৯৭৫ চনতেই চিৰিয়াখানাত ৯ ফুট ৮ ইঞ্চি দৈঘ্যৰ হাতীদাঁত চুৰিৰ ঘটনাৰ ওপৰত তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছিল। কিন্তু এই ঘটনাৰ সম্পূৰ্ণ প্ৰতিবেদন কোনেও প্ৰকাশ নকৰিলে। পৰবৰ্তী সময়তো বিভিন্নধৰণৰ বিক্ষিপ্ত ঘটনা হৈ আছিল। ৰকিবুল হুছেইন বন মন্ত্ৰী হৈ থকাৰ সময়তে চিৰিয়াখানাৰ সৰ্পগৃহৰ পৰা কেঁকোসাপ চুৰি হৈছিল আৰু এই ঘটনাৰো তদন্ত কৰা নহ’ল। সেইবিলাক কাৰণতে আমি তদন্তৰ দাবী জনাইছো। মানুহক আভুৱা ভৰা তদন্ত হ’লে নহ’ব, যিসকল দোষী মানুহ সেইসকলে শাস্তি পোৱাকৈ তদন্ত হ’ব লাগিব।’
চিৰিয়াখানাৰ বিভাগীয় কৰ্তৃপক্ষই দিয়া তথ্য অনুসৰি কোনো এটা বছৰত ৬০ টা কোনো বছৰত ৭০ টা জীৱ-জন্তু মৰি আছে, গড় হিচাপত প্ৰতি মাহত ৬ টাকৈ জন্তু মৰি আছে। এটা মাহত যদি ৬ টাকৈ জন্তু মৰে তেন্তে চিৰিখানাখন উদং হোৱাটো খাটাং বুলিও বৈশ্যই কয়।
বৈশ্যৰ ভাষ্য মতে ‘হৰিণবোৰ বাহিৰত ওলাই যায়। চিৰিয়াখানাৰ তিনিঠাইত বাউণ্ডেৰী ৱাল ভঙা আছে, কৃষ্ণনগৰৰ ফালে দুঠাইত আৰু গীতা মন্দিৰৰ ফালে এঠাইত। তাৰোপৰি ড্ৰেইনৰেও পহুবোৰ ওলাই আহে, কিন্তু ড্ৰেইনত গেটৰ ব্যৱস্থা নাই। সেইখিনি মেৰামতি কৰিবলৈ ১০ লাখৰ বেছি টকা নালাগে। কিছুদিন আগতে ১০ কোটি টকা চিৰিয়াখানাৰ নামত আহিছে যদিও আমি ডি এফ অ’ক প্ৰশ্ন কৰোঁতে ধন নাই বুলি কৈছে। কৃষ্ণনগৰৰ ফালে ওলাই যোৱা হৰিণবোৰ মানুহে পালে সেইবোৰ চিৰিয়াখানা কতৃপক্ষক গতাই দিয়ে। যিবিলাক হৰিণ ৰাইজে দেখা পাই সেইবোৰ কৰ্তৃপক্ষৰ মানুহে খাব নোৱাৰে আৰু যিবিলাক ৰাইজে দেখা নাপাই সেইবিলাক কৰ্তৃপক্ষই খাই বুলিয়ে ক’ব লাগিব। খাবৰ কাৰণে হয়তো বেৰখিনি দিয়া নাই। ইয়াত তেওঁলোকৰ এটা গুপুত অভিসন্ধি আছে। ইয়াৰ ভাগ ৰজা-মন্ত্ৰীলৈ যায়।’
‘জন্তুৰ গঁড়ালৰ অৱস্থা একেবাৰে বেয়া, জন্তু বিলাকে অখাদ্য খাই মৃত্যুমুখত পৰিছে, হস্পিতালৰ অৱস্থা বেয়া, তেজ পৰীক্ষা কৰাৰো ব্যৱস্থা নাই। ১৭৩ হেক্টৰ মাটি আগুৰা থকা অসমবাসীৰ গৌৰৱ এই চিৰিয়াখানাখন ৰক্ষাৰ বাবে সমগ্ৰ অসমৰে নাগৰিকসকল একত্ৰিত হৈছে। তদন্ত প্ৰক্ৰিয়াত অংশ ল’বলৈ আমি এটা গোটো গঠন কৰি দিছো’ এনেদৰে বৈশ্যই আমাৰ সাংবাদিকক কয়।
আনহাতে তেওঁ কয় ‘আমি দোষীসকলক চিনাক্ত কৰি দিছো। এজন আছিল ভি এম সিঙ, তেওঁ বৰ্তমান ঢুকাইছে। তেওঁৰ লগৰে এজন আছিল হেমেন চাংকাকতি(চি চি এফ, ওৱাইল্ড লাইভ), তেওঁক আমি তদন্তৰ আওতালৈ আনিবলৈ দিছো।’
বিজেপি দলৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্যক কটাক্ষ কৰি বৈশ্যই কয় ‘পূব গুৱাহাটী সমষ্টিৰ অন্তৰ্গত হৈয়ো বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই এই বিষয়টোত সম্পূৰ্ণ নিমাত। তাৰ বিপৰীতে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এই বিষটোত যথেষ্ট গুৰুত্ব প্ৰদান কৰাটো তেওঁৰ কাৰণেই লাজলগা কথা।’