• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম ৰাজ্যিক চিৰিয়াখানাত সংঘটিত কেলেংকাৰিৰ তদন্ত ক্ষীপ্ৰতৰ কৰক : চিৰিয়াখানা সুৰক্ষা মঞ্চ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 8, 2018 10:59 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভাৰ বাজেট অধিবেশন চলি থকা সময়ত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই অসম তথা উত্তৰ-পূবৰ গৌৰৱ অসম ৰাজ্যিক চিৰিয়াখানাক সুৰক্ষা প্ৰদানৰ বাবে আহ্বান জনাইছিল। বিধায়কগৰাকীৰ এই পদক্ষেপক আদৰণি জনাই আজি ৮ এপ্ৰিলত চিৰিয়াখানা সুৰক্ষা মঞ্চই গুৱাহাটীত এখন সংবাদ মেলৰ আয়োজন কৰে।

উক্ত সংবাদ মেলত মঞ্চৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই কয় যে ২০১৭ চনতে তেওঁলোকে চিৰিয়াখানাক সুৰক্ষা প্ৰদান কৰিবৰ বাবে দাবী জনাই আহিছিল। কিন্তু ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ বাহিৰে কোনেও এই কথাত গুৰুত্ব আৰোপ নকৰিলে। সেই সময়ত বিধান সভাৰ অধ্যক্ষই বিধায়ক কলিতাক আলোচনাৰ বাবে অনুমতি প্ৰদান নকৰিলে যদিও এইবাৰ তেওঁ বিস্তৃতভাৱে আলোচনা কৰি বন বিভাগৰ প্ৰধান সচিবক জৰুৰীভাৱে তদন্তৰ দায়িত্ব দিবলৈ সক্ষম হৈছে।

Apply Now

সংবাদ মেলৰ অন্তত সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যৰ সৈতে নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত বৈশ্যই কয় ‘আমি কৰা অভিযোগ অনুসৰিয়েই বন বিভাগৰ মুখ্য সচিবক তদন্ত কৰিবৰ বাবে বিধানসভাই দায়িত্ব দিছে। ১৯৭৫ চনতেই চিৰিয়াখানাত ৯ ফুট ৮ ইঞ্চি দৈঘ্যৰ হাতীদাঁত চুৰিৰ ঘটনাৰ ওপৰত তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছিল। কিন্তু এই ঘটনাৰ সম্পূৰ্ণ প্ৰতিবেদন কোনেও প্ৰকাশ নকৰিলে। পৰবৰ্তী সময়তো বিভিন্নধৰণৰ বিক্ষিপ্ত ঘটনা হৈ আছিল। ৰকিবুল হুছেইন বন মন্ত্ৰী হৈ থকাৰ সময়তে চিৰিয়াখানাৰ সৰ্পগৃহৰ পৰা কেঁকোসাপ চুৰি হৈছিল আৰু এই ঘটনাৰো তদন্ত কৰা নহ’ল। সেইবিলাক কাৰণতে আমি তদন্তৰ দাবী জনাইছো। মানুহক আভুৱা ভৰা তদন্ত হ’লে নহ’ব, যিসকল দোষী মানুহ সেইসকলে শাস্তি পোৱাকৈ তদন্ত হ’ব লাগিব।’

চিৰিয়াখানাৰ বিভাগীয় কৰ্তৃপক্ষই দিয়া তথ্য অনুসৰি কোনো এটা বছৰত ৬০ টা কোনো বছৰত ৭০ টা জীৱ-জন্তু মৰি আছে, গড় হিচাপত প্ৰতি মাহত ৬ টাকৈ জন্তু মৰি আছে। এটা মাহত যদি ৬ টাকৈ জন্তু মৰে তেন্তে চিৰিখানাখন উদং হোৱাটো খাটাং বুলিও বৈশ্যই কয়।

 

তাৎপৰ্য্যপূৰ্ণ কথা যে অসম ৰাজ্যিক চিৰিয়াখানাত হৰিণাৰ সংখ্যা ক্ৰমান্বয়ে কমি অহাৰ অভিযোগ তুলি বৈশ্যই নৰ্থ ইষ্ট নাওক কয় ‘চিৰিয়াখানাত মুক্ত বিচৰণৰ বাবে হৰিণ আৰু ময়ুৰ পক্ষীবিলাকক এৰি দিয়া হয়। ৬ মাহ মান আগলৈকে হৰিণাৰ সংখ্যা ইমানেই আছিল যে মানুহ চিৰিয়াখানাত সোমালে হৰিণাই গাত খুন্দিয়াই যায়। আৰ টি আই কৰিছো যদিও বৰ্মানলৈকে তথ্য পোৱা নাই । কিন্তু অনানুষ্ঠানিকভাবে তেওঁলোকে কোৱা মতে ১২০০ হৰিণ মুক্ত বিচৰণৰ বাবে এৰি দিছিল, কিন্তু দুৰ্ভাগ্যবশতঃ বৰ্তমান ৪০০ মান আছে।’

বৈশ্যৰ ভাষ্য মতে ‘হৰিণবোৰ বাহিৰত ওলাই যায়। চিৰিয়াখানাৰ তিনিঠাইত বাউণ্ডেৰী ৱাল ভঙা আছে, কৃষ্ণনগৰৰ ফালে দুঠাইত আৰু গীতা মন্দিৰৰ ফালে এঠাইত। তাৰোপৰি ড্ৰেইনৰেও পহুবোৰ ওলাই আহে, কিন্তু ড্ৰেইনত গেটৰ ব্যৱস্থা নাই। সেইখিনি মেৰামতি কৰিবলৈ ১০ লাখৰ বেছি টকা নালাগে। কিছুদিন আগতে ১০ কোটি টকা চিৰিয়াখানাৰ নামত আহিছে যদিও আমি ডি এফ অ’ক প্ৰশ্ন কৰোঁতে ধন নাই বুলি কৈছে। কৃষ্ণনগৰৰ ফালে ওলাই যোৱা হৰিণবোৰ মানুহে পালে সেইবোৰ চিৰিয়াখানা কতৃপক্ষক গতাই দিয়ে। যিবিলাক হৰিণ ৰাইজে দেখা পাই সেইবোৰ কৰ্তৃপক্ষৰ মানুহে খাব নোৱাৰে আৰু যিবিলাক ৰাইজে দেখা নাপাই সেইবিলাক কৰ্তৃপক্ষই খাই বুলিয়ে ক’ব লাগিব। খাবৰ কাৰণে হয়তো বেৰখিনি দিয়া নাই। ইয়াত তেওঁলোকৰ এটা গুপুত অভিসন্ধি আছে। ইয়াৰ ভাগ ৰজা-মন্ত্ৰীলৈ যায়।’

‘জন্তুৰ গঁড়ালৰ অৱস্থা একেবাৰে বেয়া, জন্তু বিলাকে অখাদ্য খাই মৃত্যুমুখত পৰিছে, হস্পিতালৰ অৱস্থা বেয়া, তেজ পৰীক্ষা কৰাৰো ব্যৱস্থা নাই। ১৭৩ হেক্টৰ মাটি  আগুৰা থকা অসমবাসীৰ গৌৰৱ এই চিৰিয়াখানাখন ৰক্ষাৰ বাবে সমগ্ৰ অসমৰে নাগৰিকসকল একত্ৰিত হৈছে। তদন্ত প্ৰক্ৰিয়াত অংশ ল’বলৈ আমি এটা গোটো গঠন কৰি দিছো’ এনেদৰে বৈশ্যই  আমাৰ সাংবাদিকক কয়।

আনহাতে তেওঁ কয় ‘আমি দোষীসকলক চিনাক্ত কৰি দিছো। এজন আছিল ভি এম সিঙ, তেওঁ বৰ্তমান ঢুকাইছে। তেওঁৰ লগৰে এজন আছিল হেমেন চাংকাকতি(চি চি এফ, ওৱাইল্ড লাইভ), তেওঁক আমি তদন্তৰ আওতালৈ আনিবলৈ দিছো।’

বিজেপি দলৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্যক কটাক্ষ কৰি বৈশ্যই কয় ‘পূব গুৱাহাটী সমষ্টিৰ অন্তৰ্গত হৈয়ো বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই এই বিষয়টোত সম্পূৰ্ণ নিমাত। তাৰ বিপৰীতে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এই বিষটোত যথেষ্ট গুৰুত্ব প্ৰদান কৰাটো তেওঁৰ কাৰণেই লাজলগা কথা।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd