অসম ৰাজ্যিক চিৰিয়াখানাত হাতী পোৱালিৰ মৃত্যু

আজি দুপৰীয়া প্ৰায় ১২ মান বজাত অসম ৰাজ্যিক চিৰিয়াখানাত ৰাজু নামৰ হাতী পোৱালি এটাই কৰুণ মৃত্যুক সাবটি লয়। জানিব পৰা মতে কামৰূপ গ্ৰাম্যৰ ৰাণী বনাঞ্চলৰ পৰা কেইদিনমান পূৰ্বে হাতীৰ এটা জাকৰ পৰা বিছিন্ন হৈ মাতৃহাৰা হৈছিল কণমানি হাতী পোৱালিটো।

মাতৃহাৰা হৈ প্ৰায় ৬ মহীয়া হাতী  পোৱালিটো দুখত ভাগি পৰিছিল আৰু সেই দিন ধৰি আহাৰ-পানী খোৱাটো কমাই দিছিল। খাদ্য খোৱা বাদ দিয়াৰ পিছৰে পৰা হাতী পোৱালিটোৰ অৱস্থা দিনক দিনে বেয়াৰ ফালে গতি কৰিছিল। অৱশ্যে বন বিভাগৰ লোকে ৰাণী বনাঞ্চলৰ পৰা মাতৃহাৰা হাতী পোৱালিটো উদ্ধাৰ কৰি অসম ৰাজ্যিক চিৰিয়াখানালৈ লৈ আহিছিল।

চিৰিয়াখানাত কণমানি হাতী পোৱালিটোক চিৰিয়াখানা কতৃপক্ষ্যই চিকিৎসা প্ৰদান কৰিছিল যদিও অবশেষত কণমানি ৰাজুৱে মৃত্যুক সাবটি ল’লে। আনহাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এফালে যদি হস্তী-মানুহৰ সংঘাত অন্যহাতে আকৌ ৰেলৰ খুন্দা, বিদ্যুৎস্পৃষ্ট ইত্যাদি বিভিন্ন কাৰণত দৈনিক গড়ে দুই-তিনিটাকৈ হাতী মৃত্যু মুখত পৰিছে।  হাতীৰ পোৱালিৰ মত্যুৰ লগতে দৈনিক এনেদৰে হাতীয়ে খাদ্যৰ অভাৱত বনাঞ্চল এৰি জনাঞ্চলত প্ৰবেশ কৰি ৰাইজৰ হাৰাশাস্তি কৰা আৰু বিভিন্ন কাৰণবশতঃ মৃত্যুক সাবটি ল’বলগীয়া হোৱাত বন্যপ্ৰাণী প্ৰেমী ৰাইজৰ মাজত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।