অসম ৰাজ্যিক চিৰিয়াখানাৰ ভিতৰত চাইকেল-ভ্ৰমণৰ শুভাৰম্ভ

ফটোত ইউক্ৰেইনৰ এগৰাকী মহিলা বক্সাৰক অসম ৰাজ্যিক চিৰিয়াখানাৰ ভিতৰত লগৰীয়াৰ সৈতে চাইকেল চলাই থকা দেখা গৈছে। ফটো : য়ু. বি.

অসম চৰকাৰৰ পৰ্য্যটন বিভাগে আজি অসম ৰাজ্যিক চিৰিয়াখানাৰ ভিতৰত চাইকেল ভ্ৰমণৰ সূচনা কৰে। অসম পৰ্য্যটন বিকাশ নিগম লিমিটেডৰ সঞ্চালক নাং লাকী গগৈয়ে নিজৰ এটা টুইটত এই সম্পৰ্কত কয় যে চাইকেল-ভ্ৰমণত আনন্দ আৰু ৰোমাঞ্চ দুয়োটাই পোৱা যায়। অসম পৰ্য্যটনে চাইকেল ভ্ৰমণক উৎসাহ দিয়ে আৰু  মাজুলীৰ দৰে ঠাইত গিয়েৰযুক্ত চাইকেলৰ বিতৰণ কৰিছে।