অসাধু ব্যৱসায়ী, বৰ্ধিত মূল্যৰ বিৰুদ্ধে মাজুলীত বজাৰে বজাৰে দণ্ডাধীশৰ অভিযান

IMG-20180606-WA0084

মাজুলীত মাছ মাংস, শাক পাচলি আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত নিজ খুচিমতে গ্ৰাহকৰ পৰা বৰ্ধিত মূল্য আদায় কৰা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে মাজুলী জিলা প্ৰশাসনে।

জোখ মাখৰ হেৰফেৰ আৰু বজাৰৰ অস্বাস্থ্যকৰ পৰিবেশক লৈও বিশেষ অভিযান আৰম্ভ কৰিছে প্ৰশাসনে।

মাজুলীৰ উপায়ুক্তৰ নিৰ্দেশত কাৰ্যবাহী দণ্ডাধীশৰ নেতৃত্বত জিলা প্ৰশাসনৰ দলে জিলাখনৰ বিভিন্ন স্থানত বজাৰে বজাৰে অসাধু ব্যৱসায়ৰ লগতে অস্বাস্থ্যকৰ পৰিবেশ আৰু ভেজাল খাদ্য সামগ্ৰীৰ বিৰুদ্ধে অভিযানত নামে।

কাৰ্যবাহী দণ্ডাধীশ নিতিষা বৰাৰ নেতৃত্বত খাদ্য আৰু অসামৰিক যোগান, পশু চিকিৎসা, মীন আৰু বৈধ জোখ মাখ বিভাগৰ বিষয়াৰ লগতে আৰক্ষী বিষয়াক লৈ গঠিত দলে প্ৰথমে উজনি মাজুলীৰ নতুন বজাৰত এই অভিযান চলায় । পাছত জেংৰাইমূখ, ফুলনি আৰু কমলাবাৰী বজাৰতো দোকানে দোকানে গৈ বয়বস্তু, মাছ মাংস আদিৰ মূল্য পৰীক্ষা কৰাৰ লগতে ওজন জোখা দগা পাল্লা আদি তন্ন তন্নকৈ পৰীক্ষা কৰে।

জিলা প্ৰশাসনৰ এই অভিযান নিয়মীয়াকৈ অব্যাহত থাকিব বুলি কাৰ্যবাহী দণ্ডাধীশ নিতিষা বৰাই প্ৰকাশ কৰিছে ।