NORTHEAST NOW (Assamese)

অসামৰিক এলেকাত সামৰিক অভিযানৰ আৰ্হি সংশোধনীৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

April 9, 2018 9:35 pm · স্মিতা ভট্টাচাৰ্য

এক ঐতিহাসিক ৰায়যোগে অসামৰিক এলেকাত অভিযানৰ সময়ত অভিযানৰ আৰ্হিৰ এটা পুনৰীক্ষণ সম্পন্ন কৰাৰ বাবে ভাৰত চৰকাৰ (প্ৰতিৰক্ষা মন্ত্ৰ্যালয়) আৰু সামৰিক বাহিনীক নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। এই ক্ষেত্ৰত চোৰাংচোৱা তথ্য পুনৰীক্ষণ আৰু অভিযানৰ সময়ত আনুসংগিক ক্ষয়-ক্ষতিৰ পৰিমাণ নিৰ্মূল কৰিব পৰা নগ’লেও যিমান পাৰি কম কৰাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা জাৰী কৰাৰ বিষয়তো বিৱেচনা কৰাৰ নিৰ্দেশ দিয়ে।

সুৰজিৎ গগৈ ওৰফে পুনা গগৈক ক্ষতিপূৰণ হিচাপে ১ লাখ টকা আদায় দিবলৈ উচ্চ ন্যায়ালয়ে  ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ক নিৰ্দেশ দিয়ে। এই টকাখিনি ৰায়দানৰ তাৰিখ অৰ্থাৎ ২০১৮ৰ ১ ফেব্ৰুৱাৰিৰ পৰা ৬ সপ্তাহৰ ভিতৰত আদায় দিয়াৰ বাবে কোৱা হৈছে।

উল্লেখযোগ্য যে ৰৰৈয়াৰ বাসিন্দা গুচৰীয়া পুনা গগৈয়ে এখন লেখ আবেদনৰ (WP (C) 2053/2012)  জড়িয়তে অন্য ৰাজ্যৰ ভাৰতীয় সেনাৰ লোকে২০১১ চনৰ ২০ ডিচেম্বৰৰ ৰাতি প্ৰায় ১টা বজাত তেওঁৰ ঘৰত বলেৰে প্ৰৱেশ কৰি টকা, লেপটপ, হাৰ্ড ডিস্ক, লাইচেঞ্চ, পাৰপত্ৰ, সোণ, মোবাইল ফোন, পঞ্জীয়নকৃত পিষ্টল আৰু আন আন বহুমূলীয়া সম্পত্তি লুটপাট কৰি নিয়াৰ অভিযোগ তুলি উচ্চ ন্যায়ালয় ওচৰত গোচৰ দিছিল।

এই গোচৰটোৰ পদকীয়া পক্ষত আছিল ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ হৈ প্ৰতিৰক্ষা সচিব, মেজৰ জেনেৰেল, জি অ’ চি, ৩ কৰ্পছ, ৯৯ এ পি অ’, ৰঙাপাহাৰ মিলিটাৰী ষ্টেশ্যন, ডিমাপুৰ, নাগালেণ্ড, কৰ্নেল জি কুমাৰ ৩ কৰ্পছ, চেণ্ট্ৰেল ইণ্টেলিজেন্স ছাৰ্ভাইলেঞ্চ ইউনিট (চি আই এছ ইউ) ডিমাপুৰ আৰু যোৰহাটৰ আৰক্ষী অধীক্ষক।

ইয়াত সোমবাৰে আয়োজন কৰা একন সংবাদমেলত পুনা গগৈ আৰু অধিবক্তা সুদীপ্ত গোস্বামীয়ে কয় যে মহামান্য আদালতে গগৈক ৪ মাহৰ ভিতৰত যথোপযুক্ত এক্তিয়াৰৰ অন্তৰ্গত এখন অসামৰিক আদালতৰ ওচৰত যাব পাৰে, যাৰ ব্যতিৰেকে আইনে নিজৰ গতি ল’ব।

গগৈৰ দাবী যে সামৰিক বাহিনীৰ লোকে বলেৰে আলমাৰি ভাঙি লৈ যোৱা সেই সময়ৰ মূল্যৰে ৬.৫০ লাখ টকাৰ সোণৰ গহনা আৰু নগদ ১.৫ লাখ টকা উচ্চ ন্যায়ালয়ে পৰীক্ষা নকৰিলে।

অৱশ্যে .৩২ কেলিবাৰৰ গুলীবিহীন পিষ্টলটো আৰু কেইপদমান সামগ্ৰী তেওঁক ওভোতাই দিয়া হয়।

অধিবক্তা গোস্বামীয়ে কৈছে যে সামৰিক বাহিনীৰ লোকে যেতিয়া আইন ভংগ কৰে তেতিয়া সামৰিক বাহিনী (বিশেষ ক্ষমতা) আইন ভংগ কৰে তেতিয়াই এইটো বা অন্যটো সন্ত্ৰাসবাদী সংগঠনৰ সদস্যক বিচাৰি গৈছিল বুলি অজুহাত দেখুৱায়।

এই ক্ষেত্ৰত আদালতে জানিব বিচাৰিছিল যে যদিহে তেওঁলোকে ব্যক্ত কৰাৰ লেখিয়াকৈ আলফাৰ সদস্যক বিচাৰি গৈছিল তেতিয়া হলে চোৰাংচোৱা গোটটোৱে যাক আৰক্ষী আৰু সেনা বাহিনীতকৈ কম অস্ত্ৰ ৰখাৰ অনুমতি দিয়া হয়,  কিয় সেনা বাহিনীৰ ইনফেন্ট্ৰি আৰু অসম আৰক্ষীক জনোৱাৰ সলনি নাগালেণ্ডৰ ডিমাপুৰৰ পৰা ইমান দূৰ আহিছিল?

সমগ্ৰ যোৰহাটক জোকাৰি যোৱা এই ঘটনাটো প্ৰথমতে সেনা বাহিনীৰ পোচাকত কৰা ডকাইতি হিচাপে ভাৰতীয় দণ্ডবিধিৰ ৩৯৫/৩৯৭ ধাৰাৰ অধীনত যোৰহাট আৰক্ষী থানাত গোচৰ নং-৯২২/২০১১ত পঞ্জীয়ন কৰা হৈছিল।

যেতিয়া চুৰি হোৱা মোবাইলকেইটাৰ এটা হিমাচলত সক্ৰিয় হোৱাটো ধৰা পৰে তেতিয়াই  অনুসৰণ কৰি ডিমাপুৰত কৰ্মৰত  চেণ্ট্ৰেল ইণ্টেলিজেন্স ছাৰ্ভাইলেঞ্চ ইউনিটৰ হাবিলদাৰ সন্দীপ থাপা জড়িত থকাটো গম পোৱা যায়।তেতিয়া গম পোৱা যায় যে ১৪ জন সামৰিক বাইনীৰ লোক সহ কেপ্টেইন ৰুবিনা কৌৰ কেৰৰ নেতৃত্বত সামৰিক চোৰাংচোৱাই অভিযান চলোৱাৰ কথাটো পোহৰলৈ আহে।

ইয়াৰ পাছত সেনা বাহিনীয়ে সামৰিক আদালতত থাপাক নিলম্বন কৰা হয় আৰু কেপ্টেইন ৰুবিনা কৌৰ কেৰসহ ৪ জনক সামান্য শাস্তি দি এৰি দিয়া হয়। অন্য ৯ জনক কোনো শাস্তি দিয়া নহয়।

পুনাগগৈয়ে কয় যে ভাগ্যক্ৰমে তেওঁ সেইদিনা ঘৰত নাছিল নহ’লে তেওঁ আন এটা এনকাউণ্টাৰৰ উদাহৰণ হৈ পৰিলহেঁন বুলি মন্তব্য কৰে। তেওঁৰ ১৮ বছৰ আৰু ২১ বছৰ বয়সীয়া ল’ৰাদুজনক এটা কোঠাত বন্ধ কৰি বেয়াকৈ মাৰধৰ কৰাৰ উপৰিও তেওঁৰ ১২ বছৰীয়া জীয়ৰী আৰু পত্নীক আন এটা কোঠাত বন্দী কৰি ৰাখিছিল।

গগৈয়ে কৈছে যে  ৫০ লাখ টকাৰ ক্ষতিপূৰণ বিচাৰি তেওঁ জুন মাহত যোৰহাটৰ অসামৰিক আদালতৰ দ্বাৰস্থ হ’ব।

গগৈয়ে আৰু কৈছে যে সামৰিক বাহিনীয়ে মাত্ৰ এজনক নিলম্বন কৰাটোত তেওঁ সন্তুষ্ট নহয় আৰু তেওঁৰ পত্নী ৰুণু গগৈয়ে সৰ্বোচ্চ ন্যায়ালয়ত এখন লেখ আৱেদন কৰি সামৰিক বাহিনীৰ চোৰাংচোৱা অভিযানৰ ওপৰত এটা চি বি আই তদন্ত দাবী কৰিছে আৰু কোনে পুনা গগৈৰ বিৰুদ্ধে এনেধৰণৰ তথ্য যোগান ধৰিছিল সেয়া জানিব বিছাৰিছে।

অধিবক্তা গোস্বামীয়ে কৈছে যে সামৰিক বাহিনী (বিশেষ ক্ষমতা) আইন অনুসৰি  সামৰিক বাহিনীয়ে এটা অভিযান চলোৱাৰ সময়ত সেনা বাহিনীয়ে আৰক্ষীৰ  আৰু অসামৰিক প্ৰশাসনৰ লোকক লগত লৈ যাব লাগিব।

Related News