নাগালেণ্ডৰ বিৰোধী দল এন পি এফে আজি এটা বিবৃতিত কয় যে মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ৰ নৱগঠিত পি ডি এ (People’s Democratic Alliance) চৰকাৰে তেওঁলোকক তেওঁলোকৰ প্ৰাপ্য কৃতিত্ব দিয়া উচিত আৰু ভুৱা দাবীৰে গোটেই কৃতিত্ব হস্তগত কৰা অনুচিত।
দলটোৱে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনলৈ ১৮৫.০০ কোটি টকা মুকলি কৰি দিয়াৰ পিছতে এই বিবৃতিটো দিছিল। এন পি এফে তেওঁলোকৰ বিবৃতিটোত কয় যে ২০১৭-১৮ চনৰ বাবে দিয়া বিশেষ অনুদানটো, যিটো নাগালেণ্ডৰ বাবে এই ধৰণৰ প্ৰথম অনুদান, সংবিধানৰ খণ্ড 9 আৰু 9(a)ত অন্তৰ্ভুক্ত নোহোৱা শিতানত দিয়া হৈছে।
দলটোৱে দাবী কৰে যে পূৰ্বৰ জেলিয়াঙৰ নেতৃত্বৰ এন পি এফ নেতৃত্বাধীন ডেমক্ৰেটিক এলায়েন্স অব নাগালেণ্ড (ডি এ এন) চৰকাৰে ভাৰত চৰকাৰৰ বিত্ত বিভাগ আৰু নিটি আয়োগৰ পৰা পোৱা এই পৰিমাণটো নিশ্চিত কৰি থ’বলৈ সমৰ্থ হৈছিল।
অনুমোদনটো ২০০৭ চনৰ ৮ নম্বেৱৰতেই প্ৰাক্তন মুখ্য সচিব আৰু ৰাজ্যিক গ্ৰাম উন্নয়ন বিভাগৰ জৰিয়তে সম্পন্ন কৰা হৈছিল। এইটো ২০১৮ ৰ ফেব্ৰুৱাৰিত মুকলি কৰি দিয়াৰ কথা আছিল।
কিন্তু নিৰ্বাচনী বিধি কাৰ্য্যকৰী হোৱা হেতু বিষয়টো পৰৱৰ্তী নিৰ্বাচন শেষ নোহোৱালৈকে স্থগিত ৰাখিব লগীয়া হয়।
কিন্তু এতিয়া মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ই মিছা কৃতিত্ব দাবী কৰি ঘোষণা কৰিছে যে তেওঁৰ চৰকাৰে অহা ২৪ এপ্ৰিলত গাওঁ উন্নয়ন পৰিষদ অনুদান বিতৰণ কৰিব, যিটো দিনক তেওঁ Communitisation Day হিচাপে ঘোষণা কৰিছে আৰু এই কাৰ্য্যসূচীলৈ সকলো ভিলেইজ ডেভেল’পমেণ্ট ব’ৰ্ড আৰু গাওঁ পৰিষদক ক’হিমালৈ আমন্ত্ৰণ কৰিছে।
দলটোৱে বিবৃতিটোত দাবী কৰিছে যে এই পুঁজি communitized বিভাগ, যেনে- বিদ্যালয়ী শিক্ষা, বিদ্যুৎ বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু পৰিয়াল কল্যাণ বিভাগৰ আঁচনিৰ বাদেও গ্ৰাম্য উন্নয়নৰ অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ বাবেও দিয়া সহায়ক অনুদান হিচাপে ধৰা হৈছিল।