অহা ১২ আগষ্টত ‘আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস’ উপলক্ষে অসম সাহিত্য সভাৰ আলোচনা চক্ৰ

Assam-sahitya-sabha

প্ৰতিনিধিত্বমূলক ছবি

অহা ১২ আগষ্ট অৰ্থাৎ দেওবাৰে ‘আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস’ উপলক্ষে অসম সাহিত্য সভাৰ যুৱ-সংসদ উপ-সমিতিৰ উদ্যোগত আৰু মাহেকীয়া ক্ৰীড়া আলোচনী ‘অলিম্পিয়া’ৰ সহযোগত এখনি আলোচনা চক্ৰৰ লগতে সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

জানিব পৰা মতে বিয়লি তিনি বজাত অনুষ্ঠিত হ’বলগীয়া আলোচনা চক্ৰৰ লগতে সম্বৰ্ধনা অনুষ্ঠানটো অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয় ভাগৱতীপ্ৰসাদ বৰুৱা ভৱনত  অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে অসমৰ ক্ৰীড়া সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অসম সাহিত্য সভাই সদায়ে অগ্ৰণী ভূমিকা পালন কৰি আহিছে। সেয়ে ‘অসমৰ ক্ৰীড়া সাহিত্য আৰু অসমৰ ক্ৰীড়া প্ৰতিভা’ শীৰ্ষক আলোচনা চক্ৰখনিৰ আয়োজন কৰা হৈছে বুলি জানিবলৈ দিয়ে।

আলোচনা চক্ৰখনত অসমৰ ক্ৰীড়া জগতৰ লগত জড়িত বহুতো বিশিষ্ট ক্ৰীড়াবিদ, ক্ৰীড়া সংগঠক, ক্ৰীড়া সাহিত্যিক তথা ক্ৰীড়া সাংবাদিকৰ লগতে নিজস্ব প্ৰতিভাৰে বিশ্ব এথলেটিকছত জিলিকি উঠা অসমৰ উদীয়মান স্প্ৰীণ্টাৰ বীৰাঙ্গনা হিমা দাসৰ প্ৰশিক্ষক নিপন দাসো উপস্থিত থাকিব।

উক্ত আলোচনা চক্ৰৰ দিনাই আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষ্যে প্ৰকাশ কৰি উলিওৱা ‘বিশেষ যুৱ কাব্য স্তৱক’ আলোচনীৰ সংখ্যা উন্মোচন কৰাৰ লগতে তিনিগৰাকী শ্ৰেষ্ঠ যুৱ কাব্য স্তৱককাৰকক পুৰস্কৃত কৰাৰ লগতে ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত পাঁচগৰাকী কবিকো আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হ’ব।

অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া আলোচনা চক্ৰখনি শুভ উদ্বোধন কৰিব অসমৰ বিশিষ্ট ক্ৰীড়া সাংবাদিক তথা অসম চৰকাৰৰ ক্ৰীড়া পেঞ্চনাৰ প্ৰেমধৰ শৰ্মাই।