অহা ৫ মাৰ্চত হামৰ বিদ্ৰোহীৰে শান্তি আলোচনাত বহিব মিজোৰাম চৰকাৰ

Hmar-570x320

হামৰ সকলৰ ৰাজনৈতিক সমস্যাটোৰ এটা গ্ৰহণযোগ্য সমাধানৰ পথ উলিওৱাৰ উদ্দেশ্যে অহা ৫ মাৰ্চত হামৰ বিদ্ৰোহী আৰু মিজোৰাম চৰকাৰৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব।

সোমবাৰে আইজলত এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ গৃহমন্ত্ৰী আৰ লালজিৰলিয়ানাই।

লালজিৰলিয়ানাই অৱশ্যে লগতে কয় যে এইচ জোছাংবেৰাৰ নেতৃত্বৰ হামৰ পীপলছ কনভেনশ্যন (গণতান্ত্ৰিক)ৰ সৈতে অনুষ্ঠিত হ’বলগীয়া প্ৰস্তাৱিত শান্তি আলোচনাত ৰাজ্য চৰকাৰক প্ৰতিনিধিত্ব কৰিবলগীয়া প্ৰতিনিধিৰ নাম এতিয়াও চূড়ান্ত হোৱা নাই।

যদিওবা আসন্ন শান্তি আলোচনাটো এক ৰাজনৈতিক পৰ্যায়ত অনুষ্ঠিত হ’ব কিন্তু মাৰ্চৰ ভিতৰতেই বিষয়টোৰ সমাধান হ’বনে নাই সেয়া স্পষ্ট নহয়।

অৱশ্যে, গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আলোচনাৰ জৰিয়তেই হামৰ সমস্যাটোৰ এটা সন্তোষজনক সমাধান উলিয়াবলৈ চৰকাৰ দায়বদ্ধ।

তদুপৰি, জানিব পৰা মতে প্ৰস্তাৱিত আলোচনাৰ বাবে হামৰ নেতৃত্বই এতিয়ালৈকে আনুষ্ঠানিক আমন্ত্ৰণ পত্ৰ লাভ কৰা নাই।

সূত্ৰসমূহৰ মতে হামৰ নেতৃত্ব প্ৰস্তাৱিত তাৰিখটোক লৈ সন্তুষ্ট নহয় আৰু সোনকালেই নতুন তাৰিখ নিৰ্দ্ধাৰণৰ বাবে মিজোৰাম চৰকাৰক অনুৰোধ জনাব।

শান্তি আলোচনাটো প্ৰথমতে ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱাৰ কথা আছিল কিন্তু কাৰিকৰী কাৰণত মাৰ্চৰ ৫ তাৰিখলৈ স্থগিত ৰখা হৈছিল।

সংগঠনটোৰ সৈতে প্ৰথম আৰু দ্বিতীয় লানি আলোচনা ২০১৬ চনৰ আগষ্ট আৰু ডিচেম্বৰ মাহত অনুষ্ঠিত হৈছিল।