অৰুণাচলত সেনাৰ ওপৰত এন এছ চি এন (আই এম)ৰ ভয়ংকৰ আক্ৰমণ; এজন জোৱান নিহত, তিনিজন গুৰুতৰভাৱে আহত

ARMY_NSCN

উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান। ফাইল ফটো।

আজি অৰুণাচল প্ৰদেশৰ লংডিং জিলাত সশস্ত্ৰ বিদ্ৰোহী এন এছ চি এন (আই এম)-এ ভাৰতীয় সেনাৰ ওপৰত এটা ভয়ংকৰ আক্ৰমণ চলায়৷ এই আক্ৰমণত এজন সেনা জোৱান থিতাতে নিহত হোৱাৰ উপৰি আন তিনিজন গুৰুতৰভাৱে আহত হৈছে বুলি খবৰ পোৱা গৈছে।

অৰুণাচলৰ লংডিং জিলাৰ সদৰৰ পৰা প্ৰায় ১৩ কিলোমিটাৰ আঁতৰৰ য়ানু বস্তিত নাগা বিদ্ৰোহী সংগঠনটোৰ এটা দল আৰু সেনাৰ ১৯নং শিখ ৰেজিমেণ্টৰ মাজত এই ভয়ংকৰ সংঘৰ্ষটো হয়।

সংঘৰ্ষত নিহত জোৱানজন সেনাৰ লেন্স নায়ক সুখচেইন সিং বুলি জানিব পৰা গৈছে৷ আনহাতে গুৰুতৰভাৱে আহত সেনা জোৱান তিনিজন ক্ৰমে যশবীৰ সিং, লেন্স নায়ক হৰ্দীপ সিং আৰু নায়ক চুবেদাৰ যশবিন্দৰ সিং৷ ইয়াৰে যশবীৰ সিঙক সেনা চিকিৎসালয়ৰ আই চি য়ুত ভৰ্তি কৰিছে বুলি এটা সূত্ৰত প্ৰকাশ৷

উল্লেখ্য যে এদিন পূৰ্বে লংডিঙৰ মুক্তৱা নামৰ অঞ্চলত এন এছ চি এন (আই এম)ৰ এটা বৃহৎ দলে বাহৰ পতাৰ তথ্য গোপন সূত্ৰে লাভ কৰি উক্ত দিনা পুৱাৰে পৰা ১৬নং অসম ৰাইফলছে অভিযান চলাইছিল৷ অভিযানকালত দুয়োপক্ষৰ মাজত তুমূল সংৰ্ঘষৰ সৃষ্টি হয়৷ এই সংঘৰ্ষত ৩জন উগ্ৰপন্থী নিহত হোৱা বুলি সেনাই দাবী কৰিছিল। নিহতকেইজনৰ ভিতৰত এজন আছিল এন এছ চি এন (আই এম)ৰ কেপ্টেন এ তাংখোল। সেনাই নিহত বিদ্ৰোহীকেইজনৰ পৰা বহুতো অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছিল।

ইয়াৰ পাছৰে পৰা এন এছ চি এন (আই এম) অধিক আক্ৰমণাত্মক হৈ পৰিছিল আৰু আজি বিদ্ৰোহী গোটটোৱে এই আক্ৰমণ চলায়।

ইপিনে আজিৰ আক্ৰমণৰ পাছতে সেনাৰ এটা বৃহৎ দলে ঘটনা সংঘটিত হোৱা সমগ্ৰ অঞ্চল জুৰি অভিযান তীব্ৰতৰ কৰি তুলিছে৷ দিনজান সেনা ছাউনীৰ পৰাও এটা বৃহৎ সেনা দল ইতিমধ্য ঘটনাস্থলীলৈ ৰাওনা হৈছে৷ সমগ্ৰ লংডিং জিলাত এই পৰ্য্যন্ত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে৷