অৰুণাচলৰ টেলে বন্যপ্ৰাণী অভয়াৰণ্যত নতুন প্ৰজাতিৰ পখিলাজাতীয় পতংগ আৱিষ্কাৰ

অৰুণাচলৰ টেলে বন্যপ্ৰাণী অভয়াৰণ্যত পখিলাজাতীয় পতংগৰ এটা নতুন প্ৰজাতিৰ সন্ধান পোৱা গৈছে। যোৱা বছৰৰ ডিচেম্বৰ মাহত এই নতুন প্ৰজাতিটো সকলো আনুষ্ঠানিকতা সহ চিনাক্তকৰণ তথা নামকৰণ কৰা হয়।

এই কথা জানিব পৰা গৈছে Journal of Threatened Taxa নামৰ প্ৰাণী তথা উদ্ভিদৰ সংৰক্ষণ আৰু বৰ্গীকৰণ বিষয়ক আন্তঃৰাষ্ট্ৰীয় জাৰ্নেলখনত প্ৰকাশ পোৱা এটা প্ৰতিবেদনৰ পৰা।

প্ৰতিবেদনটোৰ মতে এই পখিলাবিধক সাধাৰণভাৱে অঞ্চলটোৰ স্থানীয় জনগোষ্ঠী আপাটানিসকলৰ নাম অনুসৰি আপাটানি গ্ল’ৰি (Apatani Glory) বুলি জনা যায়। ইয়াৰ বৈজ্ঞানিক নাম ৰখা হৈছে Elcysma Ziroensis.

আনহাতে পখিলাবিধৰ এটা বৈশিষ্ট্য হৈছে ইয়াক কেৱল শৰৎ কালতহে দেখা পোৱা যায়। আৰু এইটোৱে ইয়াকে ইংগিত কৰিছে যে ই এবছৰত এবাৰেই প্ৰজননত (univoltine) লিপ্ত হয়।

এই প্ৰতিবেদনটো লিখিছিল Bombay Natural History Society ৰ বিজ্ঞানী মৌচুম গগৈ আৰু সুখ্যাত পখিলা আৰু পতংগ বিশেষজ্ঞ (Lepidoptera expert) জে জে য়ং আৰু ৰাজ্যিক শিক্ষা বিভাগৰ কৰ্মচাৰী পুণ্য চাদাৰ দ্বাৰা।

‘ক্ষেত্ৰ অধ্যয়নৰ বাবে টেলে বন্যপ্ৰাণী অভয়াৰণ্যলৈ যাওঁতে আমি জিৰোৰ ১,৭০০ মিটাৰ উচ্চতাত এটা উৱলি যোৱা আৰু প্ৰায় বিকৃত হৈ পৰা মাইকী পখিলা জাতীয় পতংগৰ দেহ পাওঁ। এই আৱিষ্কাৰ হ’ল অৰুণাচল প্ৰদেশত এনে প্ৰজাতিৰ উপস্থিতিৰ প্ৰথমটো প্ৰমাণ।’ গৱেষককেইজনে কয়।