অৰুণাচলৰ দুৰ্গম অঞ্চলত স্বাস্থ্য শিবিৰৰ আয়োজন ভাৰতীয় সেনাৰ
ভাৰতীয় সেনা আৰু জাং অসামৰিক চিকিৎসালয় প্ৰশাসনৰ যৌথ উদ্যোগত পশ্চিম অৰুণাচল প্ৰদেশৰ অতিকৈ ভিতৰুৱা অঞ্চল মাগোত দুদিনীয়াকৈ আয়োজন কৰা হয় এটা চিকিৎসা শিবিৰ।
সেনা আৰু চিকিৎসালয়ৰ অভিজ্ঞ চিকিৎসকৰ উপস্থিতিত মাগো আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ ৭২ জন পুৰুষ, ১১১ গৰাকী মহিলা আৰু ৪৬ জন শিশুয়ে বিনামূলীয়াকৈ চিকিৎসা গ্ৰহণ কৰে। তাৰোপৰি এই অঞ্চলৰ বিভিন্ন ঘৰচীয়া জন্তু সমূহকো চিকিৎসা প্ৰদান কৰে চিকিৎসকৰ দলটোৱে।
প্ৰথমবাৰৰ বাবে ভাৰতীয় সেনা আৰু অসামৰিক চিকিৎসালয় প্ৰশাসনে আয়োজন কৰা চিকিৎসা শিবিৰত বিভিন্ন প্ৰয়োজনীয় ঔষধ-পাতি যোগান ধৰাৰ উপৰি অভিজ্ঞ চিকিৎসকসকলে দুৰাৰোগ্য ৰোগৰ ভয়াবহতা তথা সজাগতা বৃদ্ধি কৰাৰ বাবেও গাঁওবাসীৰ লগত স্থানীয় ভাষাত মত বিনিময় কৰে।
অতিকৈ দুৰ্গম অঞ্চলত গাঁওবাসীৰ স্বাস্থ্যৰ গুৰুত্ব বুজি এইদৰে চিকিৎসা শিবিৰৰ আয়োজন কৰা বাবে চিকিৎসক দলটোৰ নেতৃত্ব দিয়া ডাঃ ৰিনছিন নিমাই ৪০ মাউণ্টেইন ব্ৰীজৰ চুনা বেটেলিয়নক ধন্যবাদ জ্ঞাপন কৰে।
উল্লেখ্য যে সততে চিকিৎসা সেৱাই ঢুকি নোপোৱা মাগোবাসীৰ বাবে দুদিনীয়াকৈ চিকিৎসা শিবিৰৰ আয়োজন কৰাত গাঁওবাসীয়ে আয়োজক তথা চিকিৎসকৰ দলটোক অশেষ ধন্যবাদ জনায়।