অৰুণাচলৰ পৰা সৰবৰাহ হোৱা কানিয়ে ছানি ধৰিছে মাৰ্ঘেৰিটা; নিৰ্বিকাৰ প্ৰশাসন

images

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা, লিডু আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত কানিৰ ব্যৱসায় ব্যাপক ৰূপত ছানি ধৰাৰ বাতৰি লাভ কৰা গৈছে। স্বাভাৱিক ভাৱে এই নিচাজাতীয় সামগ্ৰী সহজলভ্য হৈ পৰাত আসক্তৰ সংখ্যা দিন প্ৰতিদিনে বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে অঞ্চলটোৰ সচেতন ৰাইজ।

লিডু আৰক্ষী চকীৰ অন্তৰ্গত মোংলাং-খামতি আৰু মোলাং ৰিজাৰ্ভ গাঁৱত চাইকেন, অমলকৃষ্ণ, কুমাৰ ছেত্ৰী, সিদ্ধানন্দ ছেত্ৰীকে ধৰি একাংশ অসাধু ব্যক্তিৰ নেতৃত্বত কানিৰ এই বৃহৎ ব্যৱসায় গঢ় লৈ উঠা বুলি স্থানীয় ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

এই ব্যৱসায়ীসকলৰ ভিতৰত চাই নামৰ ব্যৱসায়ীজনে ৰাজ্যৰ বিভিন্ন স্থানলৈও এই নিচাজাতীয় দ্ৰব্য সৰবৰাহ কৰে বুলি স্থানীয় সূত্ৰই প্ৰকাশ কৰে।

এই সহজলভ্য কানিৰ প্ৰতি শেহতীয়াকৈ আসক্ত হৈ পৰিছে গাঁওখনৰ একাংশ স্থানীয় গাঁৱলীয়া যুৱক । দৰিদ্ৰ পৰিয়ালৰ একাংশ যুৱক এইদৰে কানিৰ প্ৰতি আসক্ত হৈ পৰাত স্বাভাৱিক ভাৱে পৰিয়ালৰ লোকৰ লগতে গাঁওবাসী চিন্তিত হৈ পৰিছে ।

উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানৰ পৰা এই মাৰাত্মক নিচাজাতীয় সামগ্ৰী মাৰ্ঘেৰিটা-লিডুৰ বিভিন্ন স্থানলৈ সৰবৰাহ হোৱা বুলি জানিব পৰা গৈছে । অন্যহাতে মাৰ্ঘেৰিটা আৰক্ষীৰ থানাৰ অধিনৰ কেটেতং, ডিবং, বৰফাকিয়াল, মাকুমকিল্লা, নগা পথাৰ, ইনথেম, বৰগোলাই আদিতো ব্যাপক ৰূপত কানি সৰবৰাহ হোৱাৰ খবৰ পোৱা গৈছে।

এই সন্দৰ্ভত আৰক্ষী প্ৰশাসনে সময় থাকোতেই কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে কানিৰ আগ্ৰাসনে সমগ্ৰ মাৰ্ঘেৰিটা মহকুমাৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহতো ছানি ধৰি নৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াৰ সম্ভাৱনাই এতিয়া প্ৰকট হৈ উঠিছে।