• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

“এগৰাকী প্ৰধানমন্ত্ৰীৰ নিজৰ দেশৰ স্বৰ্ণিল ইতিহাস আৰু দেশৰ স্বাধীনতা সংগ্ৰামৰ সম্যক ধ্যান ধাৰণা নথকাটো দেশৰ গণতন্ত্ৰৰ বাবে লজ্জাজনক” – ৰিপুণ বৰা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 30, 2024 7:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এবিপি নিউজত জাতিৰ পিতা মহাত্মা গান্ধীৰ বিৰুদ্ধে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই কৰা লজ্জাজনক মন্তব্যৰ বিৰুদ্ধে স্বোচ্ছাৰ হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছ দল। উক্ত বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই সংবাদমাধ্যমক দিয়া এক বাৰ্তাত নিজৰ ক্ষোভ প্ৰকাশ কৰি কয় যে, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই এ.বি.পি. নিউজত দিয়া এক সাক্ষাৎকাৰত মহামানৱ মহাত্মা গান্ধীক বিশ্ববাসীৰ আগত ‘ৰিচাৰ্ড এটেনবৰ’ৰ “গান্ধী” চিনেমাখনৰ যোগেদিহে পৰিচিত কৰি দিছে বুলি কৰা মন্তব্য অতি দুৰ্ভাগ্যজনক। মোডী ডাঙৰীয়াৰ এই মন্তব্যই কেৱল জাতিৰ পিতা মহাত্মা গান্ধীকেই অপমানিত কৰা নাই, সমগ্ৰ ভাৰতবৰ্ষৰ গৌৰৱময় ইতিহাস, বিশ্ববিখ্যাত স্বাধীনতা সংগ্ৰাম আৰু গান্ধীজীৰ আদৰ্শত স্বাধীনতা আন্দোলনত জড়িত হৈ পৰা লাখ লাখ স্বতন্ত্ৰ সেনানীৰ ত্যাগক অপমানিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এনে মন্তব্যই বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীৰ যে নিজৰ দেশৰ ইতিহাস সম্পৰ্কে কোনো ধ্যান ধাৰণা নাই এই কথাই প্ৰমাণ কৰিছে। মোডীৰ এই মন্তব্যই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ আসনখনৰ মৰ্য্যদা সমগ্র বিশ্ববাসীৰ আগত ম্লান কৰি পেলালে।

বিশ্ব ইতিহাসৰ বিভিন্ন মুক্তিকামী আন্দোলনৰ ভিতৰত ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলন এক দীৰ্ঘতম আন্দোলনেই নহয়, অহিংসা পদ্ধতিৰে দীৰ্ঘদিন ধৰি এক গণ আন্দোলনৰ যোগেদি কোনোদিন বেলিমাৰ নোযোৱা সাম্ৰাজ্যৰ অধিকাৰী ব্ৰিটিছৰ দুশ বছৰীয়া শাসনক গান্ধীজীৰ নেতৃত্বত ওফৰাই ভাৰতক স্বাধীন কৰা ইতিহাস গান্ধীজীৰ জীৱিত কালতেই সমগ্র বিশ্বতে সমাদৃত হৈছিল।

Apply Now

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আমি প্ৰশ্ন কৰিব খোজো যে, যদি গান্ধীজীক বিশ্ববাসীয়ে চিনিয়েই পোৱা নাছিল তেন্তে “ৰিচাৰ্ড এটেনবৰ”ৰ দৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন চলচ্চিত্ৰ নিৰ্মাতাই কেনেকৈ মহাত্মা গান্ধীৰ ওপৰত চিনেমা নিৰ্মাণ কৰিবলৈ অনুপ্ৰাণিত হৈছিল? “মাৰ্টিন লুথাৰ কিং”ক আমেৰিকাৰ “গান্ধী” বুলি আমেৰিকা বাসীয়ে আৰু “নেলছন মেণ্ডেলা”ক আফ্ৰিকাৰ “গান্ধী” বুলি আফ্ৰিকা বাসীয়ে কিয় অভিহিত কৰিছিল? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই যি গৰাকী গান্ধীজীৰ কথা কৈছে, সেই গৰাকী জাতিৰ পিতা মহাত্মা গান্ধীক আৰ এছ এছৰ কৰ্মী ‘নাথুৰাম গডছে’য়ে গুলিয়াই হত্যা কৰা নাছিল জানো? সেই নাথুৰাম গডছেকেই আৰ এছ এছ-য়ে শ্বহীদ ঘোষণা কৰি পূজা কৰা নাই জানো? সেই আৰ এছ এছৰ কথা মতেই উঠা-বহা কৰা প্ৰধানমন্ত্ৰী় মোডীৰ অনুগত আৰু তেওঁৰ দলৰ সাংসদ সাদ্ধী প্ৰজ্ঞাই পৰৱৰ্তী কালত মহাত্মা গান্ধীৰ জন্মদিনত তেখেতৰ প্ৰতিচ্ছবিত গুলিয়াবলৈ ক’ত আৰু কাৰ পৰা সাহস পাইছিল?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ভাৰতৰ স্বৰ্ণিল ইতিহাস বিকৃত কৰি এ.বি.পি নিউজত গান্ধীজীৰ বিষয়ে কৰা মন্তব্যই ১৪৫ কোটি ভাৰতীয়ক অপমান কৰাই নহয় সমগ্র বিশ্ববাসীৰ ওচৰত আমাৰ দেশক হেয় প্ৰতিপন্ন কৰিছে। ইয়াৰ বাবে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিবলৈ দাবী জনাইছোঁ।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd