অৰুণাচল প্ৰদেশৰ ঔদ্যোগিক বিকাশত সহায়ৰ প্ৰতিশ্ৰুতি কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ প্ৰভূৰ

sureshprabhu

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত সৰ্বোতপ্ৰকাৰে সহায়ৰ প্ৰতিশ্ৰুতি আগবঢ়াইছে কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ প্ৰভূৱে।

উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ শক্তি আৰু বয়ন মন্ত্ৰী টামিঅ’ টাগাৰ আমন্ত্ৰণ ক্ৰমে কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ প্ৰভূৱে ৰাজ্যখনৰ উদ্যোগ ভৱনত এক আলোচনাত মিলিত হয়।

এই আলোচনাকালতে টাগাই লগতে বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰও দিয়ে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক। স্মাৰক পত্ৰখনৰ জৰিয়তে টাগাই ৰাজ্যখনৰ ঔদ্যোগিক ক্ষেত্ৰৰ বিকাশ আৰু পুনৰুজ্জীৱিতকৰণৰ বাবে এককালীন বিশেষ আৰ্থিক পেকেজ দাবী কৰে বুলি প্ৰকাশ কৰিছে ‘অৰুণাচল টাইমছ’ৰ এক প্ৰতিবেদনত।

আনহাতে স্মাৰক পত্ৰখনত খাদ্য সংসাধন, ঔষধ উৎপাদন, খাদ্য সংৰক্ষণ, পেকেজিং আৰু ৰপ্তানি, কাঠ উদ্যোগ, খোৱা পানী প্ৰকল্প, পুনৰনৱীকৰণ প্ৰযুক্তি আদি ক্ষেত্ৰত উৎপন্ন হোৱা বিভিন্ন সমস্যা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক অৱগত কৰে ৰাজ্য মন্ত্ৰী গৰাকীয়ে।

উক্ত সমূহ সমস্যা সন্দৰ্ভত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী সুৰেশ প্ৰভূৱে কি ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।