শিল-বলিৰ অভাৱে নিৰ্মাণ আৰু ৰিয়েল ইষ্টেট খণ্ডলৈ নমাই আনিছে গভীৰ সংকট আৰু স্থবিৰতা। ২০১৭ চনৰ এপ্ৰিল মাহৰ পৰাই এই সমস্যাৰ সন্মুখীন হৈ আহিছে ৰাজ্যৰ নিৰ্মাণখণ্ড। আনফালে, নিৰ্মাণ কাৰ্যৰ বাবে অপৰিহাৰ্য্য শিল-বালিৰ নাটনিয়ে সামগ্ৰীকেইবিধৰ দাম আকাশলংঘী কৰি তুলিছে।
দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আছাম ৰিয়েল ইষ্টেট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেল’পাৰ্ছ এছ’চিয়েশ্যনে(এৰিডা) এখন সংবাদমেল অনুষ্ঠিত কৰি শিল-বালিৰ নাটনিৰ ফলত নিৰ্মাণ কাৰ্যত সৃষ্টি হোৱা সমস্যাৰ বিষয়ে জানিবলৈ দিযে। সংগঠনটোৱে লগতে এই বিষয়টোত মুখ্য মন্ত্ৰীৰ হস্তক্ষেপৰো আহ্বান জনায়।
সংবাদমেলত প্ৰকাশ কৰা অনুসৰি বিগত বছৰৰ এপ্ৰিল মাহৰ পৰা এই সামগ্ৰী দুবিধৰ যি নাটনি আৰম্ভ হৈছে, তাৰ এতিয়ালৈ অৱসান ঘটা নাই। শেহতীয়াভাৱে কিছু পৰিমাণৰ বালি আৰু শিল যোগান ধৰা হৈ আছে যদিও সেয়া চাহিদা আনুপাতে তেনেই তাকৰীয়া। তাৰ ফলত পূৰ্বৰ প্ৰতি চি এম বালিৰ দাম ১,১০০ টকা আৰু শিল প্ৰতি চি এমত ১,৫০০ টকাৰ ঠাইত বৰ্তমান বালি প্ৰতি চি এমত ১,৮০০ টকা আৰু শিল প্ৰতি চি এমত ২,৮০০ টকালৈ বৃদ্ধি পাইছে।
নিৰ্মাণ কাৰ্যৰ বাবে অপৰিহাৰ্য শিল আৰু বালিৰ এই অত্যধিক হাৰত হোৱা মূল্যবৃদ্ধিৰ ফলস্বৰূপে আছাম ৰিয়েল ইষ্টেট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেল’পাৰ্ছ এছ’চিয়েশ্যন(এৰিডা)ৰ বহুসংখ্যক প্ৰকল্পৰ নিৰ্মাণকাৰ্য স্থবিৰ হৈ যোৱা বুলি সংগঠনটোৰ সভাপতি পি কে শৰ্মাই জানিবলৈ দিয়ে।
শৰ্মাই কয়, “শিল-বালিৰ চাহিদাৰ হিচাপত যোগান নোহোৱা আৰু অত্যধিক মূল্যবৃদ্ধিৰ ফলত ৰাজ্যৰ বিভিন্ন নিৰ্মাণকাৰ্যত যথেষ্ট অসুবিধাৰ সৃষ্টি হোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰে আগ বঢ়োৱা কমেও কুৰিখন আঁচনিৰ লগতে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰতো বাধাৰ সৃষ্টি হৈছে।
যি সময়ত ভাৰতৰ আন আন ৰাজ্যসমূহে কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনি সমূহৰ সুযোগ গ্ৰহণ কৰিছে সেই সময়ত অসম এই ক্ষেত্ৰত কেৱল শিল-বালিৰ নাটনিৰ ফলত পিছপৰি ৰৈছে।”
তেওঁ লগতে বনজ সম্পদৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা Assam Minor Mineral Concession Rule 2013 ৰ প্ৰসংগ উত্থাপন কৰি কয় যে এই নিয়মৰ শিথিলতা আনিব পাৰিলেহে বনজ-সম্পদ আহৰণৰ ক্ষেত্ৰত থকা অসুবিধা দূৰ কৰিব পৰা যাব। গতিকে এই ক্ষেত্ৰত এৰিডাই মুখ্য মন্ত্ৰীৰ হস্তক্ষেপৰ বাবে আহ্বান জনায়। শৰ্মাই লগতে কয় যে মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম বন বিভাগৰ দাযিত্বত থাকোতে এই নীতিৰ সংশোধনৰ পোষকতা কৰিছিল যদিও কাৰ্যক্ষেত্ৰত সেয়া সফল নহ’ল।
সংগঠনটোৱে লগতে এই বিষয়সমূহ উত্থাপন কৰাৰ বাবে তেওঁলোকে কেইবাবাৰো মুখ্য মন্ত্ৰীৰ সাক্ষাৎ বিচাৰিছিল যদিও এই পৰ্যন্ত সাক্ষাতৰ সুযোগ পোৱা নাই বুলি আক্ষেপেৰে কয়।