আইজলত উন্নতমানৰ ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

football-academy-

উত্তৰ-পূৰ্বাঞ্চলৰ শিশুসকলক বিশ্বমানৰ প্ৰশিক্ষণ প্ৰদান তথা বিশ্বৰ আগশাৰীৰ ফুটবলাৰ হিচাপে গঢ়ি তোলাৰ মানসেৰে মিজোৰামৰ ৰাজধানী আইজলত সোমবাৰে টাটা ট্ৰাষ্টে ফুটবলৰ উৎকৃষ্ট সাধনৰ বাবে এখন অত্যাধুনিক ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ শুভাৰম্ভ কৰে।

টাটা ট্ৰাষ্টে প্ৰাৰম্ভিক পৰ্যায়ত ১২ৰ পৰা ১৪ বছৰৰ ২৫ গৰাকী খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰিব। ইয়াৰ বাবে মিজোৰাম, মণিপুৰ, নাগালেণ্ড, মেঘালয় আৰু অসমৰ পৰা খেলুৱৈসকলক প্ৰথম পৰ্যায়লৈ বাছনি কৰিছে।

উত্তৰ-পূবৰ শিশুসকলৰ মাজত ফুটবল খেলৰ প্ৰতি থকা প্ৰবল ইচ্ছাৰ প্ৰতি লক্ষ্য ৰাখিয়েই চেণ্টাৰ অৱ এক্সিলেন্সে আইজলত এনেধৰণৰ কেন্দ্ৰ স্থাপন কৰিছে। এই কেন্দ্ৰত প্ৰশিক্ষাৰ্থী সকলৰ বাবে বিশ্বমানৰ প্ৰশিক্ষণ, আন্তঃগাথনি, শিক্ষাৰ লগতে সকলো ধৰণৰ সা-সুবিধা থাকিব।

ইয়াৰ উপৰি উক্ত খেলুৱৈসকলক দক্ষতা বিকাশৰ লগতে বিভিন্ন বিষয়তো প্ৰশিক্ষণ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে।

টাটা ট্ৰাষ্টে মিজোৰাম চৰকাৰ, মিজোৰাম ফুটবল এছ’চিয়েশ্যন, আইজল ডিঅ’চেছান এডুকেশ্যন ছ’চাইটি, নৰ্থ-ইষ্ট ইনিচিয়েটিভ ডেভেলপমেণ্ট এজেন্সী আৰু মিজোৰাম পুলিচৰ সহযোগত এই কেন্দ্ৰটি স্থাপন কৰিছে।

এই কেন্দ্ৰটিত যুৱ খেলুৱৈ সকলে ছিনিয়ৰ প্ৰশিক্ষক বিতন সিঙৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰিব। ইয়াৰ উপৰি ২০০৭-২০১৪ চনলৈ অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ টেকনিকেল ডিৰেক্টৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা কম জোছেফ টোলে চলিত বছৰৰ মে মাহৰ পৰা কেন্দ্ৰটিত মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব গ্ৰহণ কৰিব।

উল্লেখ্য যে উক্ত কেন্দ্ৰটিত পঢ়া কোঠালীৰ উপৰি এটা পুথিভৰাঁলৰো ব্যৱস্থা কৰা হৈছে। উক্ত কেন্দ্ৰটিৰ শিক্ষাৰ্থীসকলক হলি ট্ৰিনিটি স্কুলত আয়োজিত সাংস্কৃতিক অনুষ্ঠান, প্ৰতিযোগিতাৰ লগতে বিভিন্ন অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰিব।