• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IPL 2024: মধুৰ প্ৰতিশোধ! বেট-বলে উজলিল ধোনীৰ চেন্নাই; তুষাৰ দেশপাণ্ডেৰ বিক্ৰমেৰে বিধ্বস্ত হায়দৰাবাদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 29, 2024 7:42 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৫ এপ্ৰিলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ধোনী বাহিনীক ঘৰুৱা খেলপথাৰত বিধ্বস্ত কৰি প্ৰায় একপক্ষীয়ভাৱে খেলখনত জয় কাঢ়ি নিছিল। দেওবাৰে চিপকত সেই পৰাজয়ৰ মধুৰ প্ৰতিশোধ ল’লে ৰুতুৰাজ গাইকোৱাডে। হায়দৰাবাদক পৰাস্ত কৰি দুখন মেচৰ অন্তত পুনৰ জয়ৰ ধাৰালৈ ঘূৰি আহিল চেন্নাই ছুপাৰ কিংছে।

যোৱা দুখন মেচত চেন্নাই লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হাতত পৰাস্ত হৈছিল। যাৰ বাবে ধোনীৰ দলটোৱে একেবাৰতে লীগ তালিকাত পাঁচৰ তললৈ নামিবলগীয়া হৈছিল। স্বাভাৱিকতে বিজয়ৰ ক্ষুধা বাঢ়ি আহিছিল। আৰু দেওবাৰৰ দিনটোতে অতীতৰ ভুলবোৰ শুধৰণি কৰি হায়দৰাবাদৰ বিৰুদ্ধে আকাংক্ষিত জয় আহিল।

খেলখনত এফালে ৰুতুৰাজে অধিনায়কোচিত ইনিংছ খেলিছিল। আনহাতে, হায়দৰাবাদৰ বেটিং লাইন আপ তুষাৰ দেশপাণ্ডে ভাঙি পেলাইছিল। পাঁচবাৰৰ চেম্পিয়ন দলটোৱে বেটিং-বলিঙৰ সফল প্ৰদৰ্শেনেৰে দুই পইণ্ট অৰ্জন কৰে।

Apply Now
ৰুতুৰাজ গাইকোৱাডৰ দৃষ্টিনন্দন ইনিংছ। ফটো সৌজন্যঃ আইপিএল।

চলিত আই পি এলত দুৰ্দান্ত ফৰ্মত আছে পেট কামিন্স। হায়দৰাবাদৰ দলটোৱে অভিলেখ স্কোৰ কৰি বিৰোধী দলৰ ওপৰত চাৰ সৃষ্টি কৰিছে। দেওবাৰে কামিন্সে টছত জয়লাভ কৰি ধোনী বাহিনীক বেটিং কৰিবলৈ পঠিয়ায়। অ’পেনাৰ অজিংকা ৰাহানে ৯ ৰানত আউট হোৱাৰ বিপৰীতে উজলি উঠিছিল ৰুতুৰাজ।

বিধ্বংসী তুষাৰ দেশপাণ্ডে। ফটো সৌজন্যঃ আইপিএল।

চেন্নাইৰ অধিনায়কগৰাকীয়ে ৫৪টা বলত ১০টা চাৰি আৰু তিনিটা ছয় মাৰি ৯৮ ৰান সংগ্ৰহ কৰি দৃষ্টিনন্দন ইনিংছ উপহাৰ দিয়ে। তেওঁৰ সৈতে সুদক্ষতাৰে বেটিং কৰে ডেৰেল মিচেলে। তেওঁ স্ক’ৰব’ৰ্ডত ৫২ ৰান সংযোজন কৰে। শিৱম ডুবে ৩৯ ৰানত অপৰাজিত হৈ খেলপথাৰ এৰে। ধোনীয়েও বাউণ্ডেৰী মাৰি ২টা বলত ৫ ৰান কৰি নট আউট হৈ থাকে।

খেলখনত চেন্নাইয়ে ২০০ৰ সীমা অতিক্ৰম কৰে। অৱশ্যে বৰ্তমানৰ প্ৰতিযোগিতাখনত ২০০ ৰান কৰিও সকাহ পোৱাৰ নিশ্চয়তা নাই। উইকেট যিয়েই নহওক, বেটছমেনেই শাসন কৰে খেল। কিন্তু তুষাৰ দেশপাণ্ডেই চিপকত তেনেকুৱা হ’বলৈ নিদিলে।

ব্যৰ্থ হ’ল হেনৰি ক্লাছেন। ফটো সৌজন্যঃ আইপিএল।

আৰম্ভণিতে চেন্নাইৰ ভেটি খহাই তিনিজন শীৰ্ষ অৰ্ডাৰ বেটছমেনক পেভিলিয়নলৈ পঠিয়ালে তুষাৰে। তেওঁ তিনিটা অভাৰত ২৭ ৰানেৰে ৪টা উইকেট দখল কৰে। ২ অভাৰত ১৭ ৰানেৰে দুটা উইকেট লাভ কৰে পাথিৰানাই। কোৱা বাহুল্য যে চেন্নাই জয়ৰ দিশত ঘূৰি অহাৰ লগে লগে প্লে অফৰ যুঁজখন তীব্ৰতৰ হৈ পৰিছে।

অনবদ্য শিৱম ডুবে। ফটো সৌজন্যঃ আইপিএল।

সংক্ষিপ্ত স্কোৰঃ

চেন্নাই ছুপাৰ কিংছ: ২১৩/৩ (ৰুতুৰাজ-৯৮, মিচেল-৫২)

ছানৰাইজাৰ্ছ হায়দৰাবাদঃ ১৩৪/১০ (মাৰ্কৰাম-৩২, ক্লাচেন-২০)

চেন্নাই ছুপাৰ কিংছে ৭৮ ৰানত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

July 18, 2026 1:32 pm
অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

July 18, 2026 12:52 pm
চিকিৎসালয়ত সোণম ৱাংচুক : এইবাৰ অনশনৰ ঘোষণা অভিজিৎ দীপকেৰ

চিকিৎসালয়ত সোণম ৱাংচুক : এইবাৰ অনশনৰ ঘোষণা অভিজিৎ দীপকেৰ

July 18, 2026 12:49 pm
মেচ ফিক্সিঙত উচটনিৰ অভিযোগ; গ্ৰেপ্তাৰ টিম ইণ্ডিয়াৰ বিশ্বকাপ জয়ৰ নায়ক, আটক আন এক যুৱৰাজ

মেচ ফিক্সিঙত উচটনিৰ অভিযোগ; গ্ৰেপ্তাৰ টিম ইণ্ডিয়াৰ বিশ্বকাপ জয়ৰ নায়ক, আটক আন এক যুৱৰাজ

July 18, 2026 11:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

July 18, 2026 1:32 pm
অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

July 18, 2026 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd