আইনৰ প্ৰতি ভয়হীনতা আৰু মূল্যবোধৰ অৱক্ষয়ে মানুহৰ মাজত কু-আচৰণ আৰু অসততাৰ জন্ম দিছে : উপ-ৰাষ্ট্ৰপতি

IIM_Shillong

 

আইনৰ প্ৰতি ভয়হীনতা আৰু মূল্যবোধৰ অৱক্ষয়ে মানুহৰ মাজত কু-আচৰণ আৰু অসততাৰ জন্ম দিছে। এই মত ব্যক্ত কৰিছে উপৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে। আজি শ্বিলং আই আই এমৰ সমাৱৰ্তন অনুষ্ঠানত উপস্থিত থাকি উপৰাষ্ট্ৰপতিজনে এইদৰে নিজৰ মত দাঙি ধৰে। আজিৰ অনুষ্ঠানটোত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলক তেওঁ শক্তিশালী চৰিত্ৰ আৰু আপোচহীন সততা বজাই ৰাখিবলৈ পৰামৰ্শ দিয়ে।

তেওঁ কয় যে সাধুতা, সততা, বিশ্বাসযোগ্যতা ধৰি ৰখা অতি দৰকাৰী।

আজিৰ সমাৱৰ্তন অনুষ্ঠানটোত মুঠ ১৭২জন ছাত্ৰ-ছাত্ৰীক মেনেজমেণ্টৰ স্নাতকোত্তৰ ডিপ্ল’মা প্ৰগ্ৰাম (PGDM) আৰু PGPEx- MBIC (Post Graduate Program for Executives – Managing Business in India and China) ৰ ৩০ জন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।

উপাৰাষ্ট্ৰপতিজনে লগতে কয় যে ঔদ্যোগিক নীতি উলংঘন কৰিব নালাগে। তেওঁ মহাত্মা গান্ধীয়ে উল্লেখ কৰা সাতটা পাপৰ কথা ছাত্ৰ-ছাত্ৰীসকলক সোঁৱৰাই দিয়ে। সাতটা পাপৰ বিষয়ে তেওঁ কয়- কৰ্ম অবিহনে সম্পদ (wealth without work), বিবেচনাহীন আনন্দ (pleasure without conscience), চৰিত্ৰহীন জ্ঞান (knowledge without character), নৈতিকতাহীন ব্যৱসায় (commerce without morality), মানৱতাহীন বিজ্ঞান (science without humanity), ত্যাগবিহীন ধৰ্ম (religion without sacrifice) আৰু নীতিবিহীন ৰাজনীতি (politics without principle) এইকেইটা মহাত্মা গান্ধীয়ে কৈ যোৱা সাতটা পাপ।

উপৰাষ্ট্ৰপতিজনে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ ভৱিষতৰ কেৰিয়াৰত আগুৱাই যাওঁতে নৈতিক মূল্যবোধ আৰু ধৈৰ্য্য প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায়। “কেতিয়াও নাপাহৰিবা যে তোমালোকে কেৱল তোমালোকৰ সংস্থাটোৰ মানুহৰ ওপৰতহে প্ৰভাৱ পেলাবা। তেওঁলোকৰ ওপৰত নিৰ্ভৰশীলসকলৰ ওপৰতো প্ৰভাৱ পেলাবা।”

আধুনিক বস্তুবাদী আৰু ভোগবাদী পৃথিৱীত ক্ৰমে ক্ৰমে মানুহৰ প্ৰতি মানুহৰ কৃতজ্ঞতাবোধ আৰু সহমৰ্মিতা কমি অহা দেখা গৈছে।

“উৎপাদিত সামগ্ৰীৰ গুণগত মান, দক্ষতাপূৰ্ণ সেৱা আৰু নীতিসন্মত ব্যৱসায় হ’ল বিশ্বজনীন পণ্যচিহ্নৰ মূল কথা। তোমালোকৰ দ্বাৰা ল’ব লগীয়া প্ৰতিটো সিদ্ধান্তই এই গুণবোৰৰ স্বাক্ষৰ বহন কৰিব লাগিব।” তেওঁ কয়।

উপৰাষ্ট্ৰপতিজনে লগতে কয় যে শিক্ষা কেৱল নিয়োগৰ বাবে নহয়। লগতে জ্ঞান আৰু সবলীকৰণৰ বাবেও। তেওঁ আই আই এমৰ দৰে মেনেজমেণ্ট প্ৰতিষ্ঠানবোৰক গৱেষণা পত্ৰ প্ৰকাশ কৰাত গুৰুত্ব দিবলৈ কয়।

আজিৰ অনুষ্ঠানটোত উপৰাষ্ট্ৰপতিৰ লগতে ৰাজ্যখনৰ ৰাজ্যপাল গংগা প্ৰসাদ, ৰাজ্যখনৰ গৃহ মন্ত্ৰী জেইমছ কে চাংমা আৰু অন্যান্য প্ৰতিনিধিসকলো উপস্থিত আছিল।