আইনৰ বক্সিং ৰিঙত মেৰি কম : বিদেশী পুঁজি গ্ৰহণক লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ প্ৰশ্নৰ সন্মুখীন মেৰিৰ একাডেমি

mary kom

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইম্ফলত মেৰি কম বক্সিং একাডেমি উদ্বোধন কৰি যোৱাৰ ৯৬ ঘণ্টাৰ ভিতৰতে বিপদত পৰিছে একাডেমিখন। বিদেশী দান নিয়ামক আইন (Foreign Contribution Regulation Act)ৰ নিৰ্দেশনাৱ্লী উলংঘা কৰাৰ অভিযোগত অভিযুক্ত হৈছে একাডেমিখন।

এই আইন উলংঘনৰ অভিযোগত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ তদন্তৰ সন্মুখীন হ’ব লগা হোৱা ৪২ টা সংস্থাৰ ভিতৰত মেৰি কম ৰেজিঅ’নেল বক্সিং ফাউণ্ডে’চনো আছে।

কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে লোকসভাত সদৰী কৰা মতে মেৰি কমৰ একাডেমিখনৰ লগতে ৰাজীৱ গান্ধী চে’ৰিটে’বল ট্ৰাষ্ট, এছিয়ানে’ট নিউ চে’ৰিটে’বল ট্ৰাষ্ট, এমনেষ্টি ইণ্টাৰনেশ্বনেল (ভাৰত) আদি ২১ টা বেচৰকাৰী সংস্থা (NGO)লৈ এই সন্দৰ্ভত এক বিশেষ প্ৰশ্নতালিকা পঠোৱা হৈছে।

লোকসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত ৰিজিজুৱে সদনক জনাই যে শক্তি এচ ই এফ (Shakti Sustainable Energy Foundation), নাছকম (NASSCOM), পি এইচ এফ আই (Public Health Foundation of India) আদি আন ২১ টা সংস্থাৰ ক্ষেত্ৰত হিচাপ পৰীক্ষণ আৰু পৰিদৰ্শন সমাপ্ত হৈছে।

তেওঁ কয় যে এই সংস্থাসমূহে বিদেশী পুঁজি গ্ৰহণ কৰিছে আৰু বিদেশী দান নিয়ামক আইনৰ অধীনত এই তদন্ত চলোৱা হৈছিল।

মেৰি কম ৰেজিঅ’নেল বক্সিং ফাউণ্ডে’চনটো এক দাতব্য ন্যাস হিচাপে ২০০৬ চনত প্ৰতিষ্ঠা কৰা হৈছিল। মণিপুৰ আৰু উত্তৰ-পূব ভাৰতৰ আন ৰাজ্যসমূহৰ সুবিধাবঞ্চিত ডেকা-ডেকেৰীসকলৰ মাজত বক্সিঙৰ প্ৰসাৰ ঘটোৱাৰ লক্ষ্যৰে ২০১২ চনৰ লণ্ডন অলিম্পিকৰ ব্ৰ’ঞ্জ পদক জয়ী, পদ্ম ভূষণ, অৰ্জুনপ্ৰাপক, ৰাজ্যসভাৰ মনোনীত সাংসদ মেৰি কম আৰু তেওঁৰ গিৰীয়েক কে’ অনলাৰে এই প্ৰচেষ্টা আৰম্ভ কৰিছিল।

মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা প্ৰায় ১০ কিঃ মিঃ নিলগত ৩.৩ একৰজুৰি বিস্তৃত এই একাডেমিখন ৰাজ্যখনৰ ইম্ফল ৱে’স্ত জিলাৰ লাঙল পাহাৰৰ পাদদেশত অৱস্থিত।

বহুবাৰ চেষ্টা কৰাৰ সত্বেও এই বিষয়ে মেৰি কমৰ সৈতে এন ই নাওৰ সাংবাদিকে কথা পাতিবলৈ সক্ষম হোৱা নাই।