আই এছ এলত আজি নৰ্থ-ইষ্ট ইউনাইটেড এফ চি বনাম এফ চি পুনে চিটি

representative image

চলিত চতুৰ্থ হিৰ’ ইণ্ডিয়ান ছুপাৰ লীগ(আই এছ এল) ফুটবলত আজি নৰ্থ-ইষ্ট ইউনাইটেডে দ্বিতীয় লেগৰ মেচত অৱতীৰ্ণ হ’ব এফ চি পুনে চিটিৰ বিৰুদ্ধে।

গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইণ্ডিৰা গান্ধী ষ্টেডিয়ামত হ’বলগীয়া মেচখন নৰ্থ-ইষ্টৰ বাবে প্লে অফত স্থান নিৰ্ধাৰণ কৰাৰ কাৰ্যত: অন্তিম সুযোগ। কিয়নো আজিৰ মেচখনৰ পিছত জন আব্ৰাহামৰ নৰ্থ-ইষ্টৰ বাবে থাকিব মাত্ৰ পাঁচখন মেচ।

উল্লেখযোগ্য যে  পুনেৰ শ্ৰী শিৱ ছত্ৰপতি ক্ৰীড়া প্ৰকল্পৰ ষ্টেডিয়ামত হোৱা প্ৰথম লেগৰ খেলত নৰ্থ-ইষ্টক ৫-০ গ’লত পৰাস্ত কৰিছিল এফ চি পুনেই। প্ৰথম লেগৰ পৰাজয়ৰ সম্পূৰ্ণ পোতক তোলাৰ মানসেৰে খেলপথাৰত নামিব আজি নৰ্থ-ইষ্টে।

ঘৰুৱা দল নৰ্থ-ইষ্টে আজি লীগত ১৩ নম্বৰ মেচত অৱতীৰ্ণ হ’ব। ইতিপূৰ্বে খেলা ১২খন মেচত তিনিখনত জয়লাভ কৰাৰ বিপৰীতে সাতখনত পৰাস্ত হৈছে। আনহাতে, দুখন মেচ ড্ৰ খেলি ১১ পইণ্টেৰে সম্প্ৰতি নৰ্থ-ইষ্ট তালিকাৰ নৱম স্থানত আছে।

ইফালে এফ চি পুনে চিটি অৱতীৰ্ণ হ’ব লীগত ১৪ নম্বৰ মেচত। ইতিপূৰ্বে খেলা ১৩খন মেচত সাতখনত জয়লাভ কৰাৰ বিপৰীতে পাঁচখনত পৰাস্ত হৈছে আৰু এখন মেচ ড্ৰ খেলিছে। সম্প্ৰতি ২২ পইণ্টেৰে তালিকাৰ তৃতীয় স্থানত আছে এফ চি পুনে।