আগৰতলা বিমানবন্দৰত ৮খন সোনৰ বিস্কুটসহ আটক ব্যক্তি

gold-biscuits-570x320

আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম মাণিক্য কিশোৰ বিমানবন্দৰত বুধবাৰে কেন্দ্ৰীয় উদ্যোগ সুৰক্ষা বাহিনীয়ে (চি আই এছ এফ) ৮খন সোনৰ বিস্কুটসহ এজন লোকক আটক কৰে। জব্দ কৰা সোণখিনিৰ ওজন প্ৰায় ৯০০ গ্ৰাম।

সোণসহ আটকাধীন লোকজনক উত্তৰ-প্ৰদেশৰ বালিয়া জিলাৰ বাচ্চালাল বুলি চিনাক্ত কৰা হৈছে। ধৃত বাচ্চালালে নিজৰ মলনলীৰে সোণখিনি শৰীৰত লুকুৱাই আনিছিল বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে বিমানবন্দৰৰ মেটেল ডিটেক্টৰত এই কথা ধৰা পৰাত নিৰাপত্তাৰক্ষীয়ে জেৰা কৰোঁতে লোকজনে প্ৰথমে ইয়াক অস্বীকাৰ কৰিছিল যদিও চি আই এছ এফৰ উপৰ্যুপৰি জেৰাত সোণ থকাৰ কথা স্বীকাৰ কৰাৰ লগতে মলনলীৰ পৰা সোণখিনি উলিয়াই দিয়ে।

তেওঁ আগৰতলাৰ পৰা ইণ্ডিগ’ বিমানেৰে কলকাতালৈ যাবৰ বাবে বিমানবন্দৰটোত উপস্থিত হৈছিল। পিছত তেওঁক পৰৱৰ্তী অনুসন্ধান আৰু ন্যায়িক ব্যৱস্থাৰ বাবে আৰক্ষীৰ হাতত গতাই দিয়া হয়।