NORTHEAST NOW (Assamese)

আচৰিত নহ’ব! ক্ষমতাই শেষ কথা, মিত্ৰজোঁট গঠন ‘কংগ্ৰেছ-বিজেপি’ৰ

May 2, 2018 10:52 pm · সংযুৱালা মাৰ

ৰাজনীতিত বোলে নাই কোনো স্থায়ী শত্ৰু বা মিত্ৰ। মিজোৰামত তাকেই প্ৰমাণ হ’ল। চাকমা স্বায়ত্তশাসিত পৰিষদ গঠনৰ বাবে মিজোৰামত মিত্ৰজোঁট গঠন কৰিলে ‘চিৰবৈৰী’ কংগ্ৰেছ আৰু বিজেপিয়ে। মিত্ৰজোঁটটোৰ নাম ‘United Legislature Party’।

দেশজুৰি ‘কংগ্ৰেছ মুক্ত ভাৰত’ শ্ল’গান দিয়া বিজেপিৰ ৰাজ্যিক নেতৃত্বই আজি ২ মে’ত সংবাদ মেলযোগে কয় ‘পৰিষদ গঠনৰ বাবে কংগ্ৰেছৰ ৬ গৰাকী সদস্যই বিজেপিৰ ৫ গৰাকীক সমৰ্থন আগবঢ়াব।’

‘অহা ৪ মে’ত নতুন পৰিষদ গঠন কৰা হ’ব’ বুলি জানিবলৈ দি বিজেপিৰ ৰাজ্যিক উপ সভাপতি জ্যুদি জমিংলিয়ানিয়ে জনায় যে ‘মিত্ৰজোঁটটোৱে ইতিমধ্যে বিজেপিৰ পাৰিষদ শান্তি জীৱন চাকমাক মুখ্য কাৰ্য্যবাহীৰূপে মনোনীত কৰিছে।’

নতুন দল হিচাপে পৰিষদ গঠন কৰিব পৰাতো মিজোৰাম বিজেপিৰ বাবে বৃ্হৎ সাফল্য হিচাপে অভিহিত কৰি ৰাজ্যিক সম্পাদক ৱানলালমুৱাকাই কয় ‘ই বিজেপিৰ বাবে এক ঐতিহাসিক মুহূৰ্ত।’

যোৱা ২০ এপ্ৰিলত হোৱা ২০ জনীয়া পৰিষদটোৰ নিৰ্বাচনটোত এম এন এফে ৮, কংগ্ৰেছে ৬ আৰু বিজেপিয়ে ৫ খন আসন দখল কৰাৰ পিছত বিজেপি আৰু কেন্দ্ৰৰ এন ডি এ’ চৰকাৰৰ মিত্ৰদল এম এন এফে পৰৱৰ্তী পৰিষদ দখল কৰিব বুলি এম এন এফৰ নেতা জ’ৰামথাংগাই ঘোষণা কৰাৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি, সম্পাদক ক্ৰমে অমিত শ্বাহ আৰু ৰামলালে টুইট কৰিছিল।

এম এন এফৰ এজন প্ৰাৰ্থীয়ে উচ্চ ন্যায়ালয়ত এটা গোচৰ তৰা বাবে এটা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল।

সূত্ৰ অনুসৰি কংগ্ৰেছৰ সৈতে পাৰিষদ গঠন বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই দলীয়ভাৱে মানি লোৱা নাই। কিন্তু মিজোৰাম বিজেপিৰ প্ৰচাৰ সম্পাদকে কয় ‘কেন্দ্ৰীয় নেতৃত্বৰ লগত হোৱা বহুলানি আলোচনাৰ পিছত সিদ্ধান্ত কৰা হয় যে যিহেতু মিত্ৰজোঁটটো United Legislature Partyৰ বেনাৰত গঠিত হ’ব, গতিকে আমি আচলতে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰা নাই, পাৰিষদ গঠনৰ বাবেহে আমি একে আদৰ্শেৰে নতুন বিধায়িনী দল গঠন কৰিছো।’

মিজোৰাম বৰ্তমান উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ কংগ্ৰেছ-শাসিত ৰাজ্য।

Related News