গ্ৰাম্য স্বৰাজ অভিযানৰ অংশ হিচাপে ৰাজ্যৰ ভিন্ন স্থানৰ লগতে বৰপেটা জিলাৰ ১১ টা উন্নয়ন খণ্ডতো আজি কৃষক কল্যাণ কৰ্মশালা অনুষ্ঠিত কৰা হয়।
বৰপেটাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত সন্মানিত অতিথি হিচাবে উপস্থিত থাকে বৰপেটা বিধানসভা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাস, অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল দাস আৰু বৰনগৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ শঙ্কৰ চন্দ্ৰ দাস।
এই উপলক্ষে বিভিন্ন বিভাগৰ বিষয়া, কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী, বিধায়ক তথা কৃষকৰ উপস্থিতিত কিষাণ কল্যাণ কাৰ্যশালা অনুষ্ঠিত হয়। বৰপেটা জিলাৰ বৰপেটা উন্নয়ন খণ্ডত কেন্দ্ৰীয়ভাৱে এই কাৰ্যশালা অনুষ্ঠিত হয়।
সভাপতিৰ ভাষণত জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰে এই কৃষক কল্যাণ কৰ্মশালাৰ জৰিয়তে জিলাখনৰ কৃষকসকল বিভিন্ন প্ৰকাৰে উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে।
কৰ্মশালাখনত অংশগ্ৰহণ কৰি বৰপেটা বিধানসভা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসে ভাষণ প্ৰসংগত কয় যে, যিহেতু বৰপেটাৰ ৮০ শতাংশ মানুহেই কৃষিৰ ওপৰত নিৰ্ভৰশীল সেই হেতুকে মাটি পৰীক্ষা কৰা, ফচল বীমা যোজনা আৰু কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ঋণ লৈ কৃষি কাৰ্যত মনোনিৱেশ কৰাটো অতিকে প্ৰয়োজন।
তদুপৰি বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত বিপুল শইকীয়া, ৰাষ্ট্ৰীয় পৰ্যবেক্ষক অমৃত মহাপাত্ৰ, কৃষি বিজ্ঞান কেন্দ্ৰ, হাউলী, কৃষি অভিযান্ত্ৰিক বিভাগ, মীন বিভাগ, ৰেছম বিভাগ, নাবাৰ্ড আৰু লীড বেংকৰ বিষয়াসকল উপস্থিত থাকি তেওঁলোকৰ বিভিন্ন আঁচনিৰ বিষয়ে খেতিয়কক অৱগত কৰি বছৰি আয় দুগুণ কৰাৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়ায়। উক্ত সভাত বৰপেটা জিলাৰ ২০ গৰাকী প্ৰগতিশীল কৃষকক সম্বৰ্দ্ধনা জনোৱা হয়।
ইপিনে, জিলাখনৰ পাকাবেতবাৰী কৃষি উন্নয়ন খণ্ডৰ উদ্যোগতো কয়াকুছি বজাৰগৃহত আজি কিষাণ কল্যাণ কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালা উদ্বোধন কৰি সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে কয় যে কৃষকৰ আয় দুগুণ কৰাৰ ক্ষেত্ৰত চৰকাৰীভাৱে লোৱা বিভিন্ন আঁচনিসমূহৰ সুবিধা কৃষকসকলে গ্ৰহণ কৰিব লাগে।
এইক্ষেত্ৰত বিষয়াসকলে গাঁৱলৈ গৈ কৃষকসকলক চৰকাৰী আঁচনিসমূহৰ বিষয়ে অৱগত কৰোৱাটো অতি প্ৰয়োজনীয় বুলিও বিধায়ক গৰাকীয়ে উল্লেখ কৰে। অৱসৰপ্ৰাপ্ত অধ্যক্ষ আবুল হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত উক্ত কাৰ্যশালাত গোলিবান্ধা কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া অশোক কুমাৰ দাসৰ লগতে কৰ্মশালাখনত সমল ব্যক্তি হিচাপে কৃষি বিজ্ঞান কেন্দ্ৰ, হাউলীৰ বিজ্ঞানী পিংকুধৰ বৰ্মন, পশুপালন বিভাগৰ বিষয়া সতীশ মেধি, মীন বিভাগৰ গোপেশ্বৰ দাস আৰু আৰ কে ভি ৱাই আঁচনিৰ জিলা পৰামৰ্শদাতা ৰতন ভৰালীয়ে অংশগ্ৰহণ কৰে।