আছুকে ধৰি ২৮ জনগোষ্ঠীয় সংগঠনৰ সৈতে আলোচনা কৰিব ৰাজ্য চৰকাৰে

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়

বৈঠক অনুষ্ঠিত হ'বলগীয়া স্থান অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়। ফাইল ফটো

সদৌ অসম ছাত্ৰ সন্থা আৰু ২৮ জনগোষ্ঠীয় সংগঠনক অসম চৰকাৰে আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছে। আজি বিয়লি ৩ বজাত খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত এই আলোচনাৰ বাবে এখন বৈঠক অনুষ্ঠিত হ’ব।

এই বৈঠকত আছুকে ধৰি ২৮ টা জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিৰ লগতে চৰকাৰৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব।

সদৌ অসম ছাত্ৰ সন্থা, সদৌ অসম টাইব্ৰেল সংঘ, সদৌ অসম ট্ৰাইবেল যুৱ লীগ, নিখিল বড়ো ছাত্ৰ সন্থা, নিখিল ৰাভা ছাত্ৰ সন্থা, সদৌ মিচিং ছাত্ৰ সন্থা (টি এম পি কে), সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা যুৱ-ছাত্ৰ সন্থা, সদৌ টাই আহোম বড়ো ছাত্ৰ সন্থা, সদৌ ডিমাচা ছাত্ৰ সন্থা, অসম চাহ জনজাতি ছাত্ৰ সন্থা, সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন, সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সদৌ অসম দেউৰী ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা (কাৰ্বি আংলং) (KSA), মিচিং মিমাগ কেবাং, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থা, All Indian Karbi students’ Association, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থা, সদৌ অসম মদাহী ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা (KSU), NC. Hills In-digenous students’ Forum, সদৌ অসম কাৰ্বি ছাত্ৰ সন্থা, সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, মেচ কছাৰী জাতীয় পৰিষদ আৰু সদৌ অসম হাজং ছাত্ৰ সন্থাক সুকীয়া সুকীয়াকৈ আলোচনাৰ বাবে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে আমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰিছে।

ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰেৰণ কৰা আনুষ্ঠানিক আমন্ত্ৰণ-পত্ৰখনত কোৱা হৈছে যে —‘ সাম্প্ৰতিক সময়ত অসমৰ জাতীয় জীৱনৰ লগত সম্পৰ্কিত কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰাৰ উদ্দেশ্যে আজি (১ জুন, ২০১৮ তাৰিখ, শুকুৰবাৰ) বিয়লি ৩ বজাত এখন বৈঠক অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়, খানাপাৰা, গুৱাহাটীত অনুষ্ঠিত কৰা হৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱ উপস্থিত থাকিবলগীয়া এই সভালৈ আপোনাক/আপোনালোকক সাদৰ নিমন্ত্ৰণ জনালোঁ।‘

বৰ্তমান ৰাজ্যখনত চলি থকা নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত আছুকে ধৰি ৰাজ্যখনৰ জাতীয় সংগঠনসমূহে গ্ৰহণ কৰা প্ৰতিবাদী আন্দোলন আৰু ৩০ জুনত প্ৰকাশ পাবলগীয়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা সন্দৰ্ভত বৈঠকত বিশেষভাৱে আলোচনা কৰাৰ সম্ভাৱনা আছে।