আজিৰে পৰা আৰম্ভ এন আৰ চিত ভুল সংশোধনী প্ৰক্ৰিয়া, নাম বাদ পৰা সকলে বিচাৰিব পাৰিব তথ্য

এন আৰ চি

আজিৰে পৰা এন আৰ চিৰ সম্পূৰ্ণ খচৰাত নাম নহা নাগৰিকসকলে তেওঁলোকৰ নাম কিয় বাদ পৰিল সেই বিষয়ে সকলো তথ্য জানিব পাৰিব। এন আৰ চি সেৱা কেন্দ্ৰসমূহলৈ গৈ নাগৰিকসকলে খচৰাত নাম নহাৰ কাৰণ সম্পৰ্কে বিতং তথ্য লাভ কৰিব পাৰিব।

ৰাজ্যখনৰ ২৫০০০এন আৰ চি সেৱা কেন্দ্ৰত এই বিষয়ে তথ্যসমূহ লাভ কৰিব। এন আৰ চিৰ সম্পূৰ্ণ খচৰাত ৪০ লাখ লোকৰ নাম বাদ পৰাৰ পিছত চৌদিশে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আজি পুৱাৰে পৰা সকলো এন আৰ চিৰ সেৱা কেন্দ্ৰত গৈ নাগৰিকসকলে তথ্য আহৰণৰ লগতে অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া সম্পৰ্কে অৱগত হ’ব পাৰিব।

আনহাতে, চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্ত নোহোৱাসকলে পুনৰ আবেদন কৰিব পাৰিব। তদুপৰি খচৰাত নাম ভুলকৈ অহা নাগৰিকসকলে সংশোধনীৰ ব্যৱস্থাৰ জৰিয়তে নাম সংশোধন কৰিব পাৰিব।

উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে প্ৰত্যেকগৰাকী ব্যক্তিয়েই ন্যায় আৰু মানৱীয় ব্যৱহাৰ পোৱাটো নিশ্চিত কৰাৰ আশ্বাস দিছিল। তেওঁ কৈছিল যে আইন মতে উপলব্ধ সকলো সুবিধাৰ পৰ্য্যাপ্ত সুযোগ সকলো ব্যক্তিয়ে পাব।

খচৰাত নাম নহাসকলক দাবী আৰু আপত্তি দৰ্শোৱাৰ পৰ্য্যাপ্ত সুযোগ থাকিব বুলি উল্লেখ কৰি সকলো দাবী আৰু আপত্তি সঠিকভাৱে পৰীক্ষা কৰা হ’ব বুলিও তেওঁ কৈছিল। দাবী আৰু আপত্তিসমূহ নিষ্পত্তিৰ পূৰ্বে নিজৰ কথা শুনোৱাৰ পৰ্য্যাপ্ত সুযোগ দিয়াৰ পিছতহে চূড়ান্ত এন আৰ চি প্ৰকাশ পাব বুলি তেওঁ স্পষ্ট কৰিছিল।

তেওঁ লগতে উল্লেখ কৰিছিল যে দাবী আৰু আপত্তিৰ নিষ্পত্তিক লৈ সন্তুষ্ট নোহোৱা যিকোনো ব্যক্তিয়ে নাগৰিকত্ব বিধি অনুযায়ী বিদেশী ন্যায়াধিকৰণত আবেদন জনাব পাৰিব। সেয়ে এন আৰ চিৰ প্ৰকাশৰ পিছত কোনো লোকক ডিটে’নশ্যন কেম্পলৈ পঠিওৱাৰ কোনো প্ৰশ্নই নুঠে।

উল্লেখ্য যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰ বাবে সৰ্বমুঠ ৩ কোটি ২৯ লাখ ৯১হাজাৰ ৩৮৪ জন লোকে আবেদন কৰিছিল। ইয়াৰে ২ কোটি ৮৯ লাখ ৮৩ হাজাৰ ৬৭৭ জন লোকৰ নাম পূৰ্ণাংগ খচৰাত অন্তৰ্ভুক্ত হৈছে। আনহাতে, পূৰ্ণাংগ খচৰাৰ পৰা বাদ পৰিছে মুঠ ৪০ লাখ ৭ হাজাৰ ৭০৭ জনৰ নাম। ইয়াৰ ভিতৰত ২ লাখ ৪৮ হাজাৰ আছে ডি-ভোটাৰ।