NORTHEAST NOW (Assamese)

আজি অসমত প্ৰথমবাৰৰ বাবে পদাৰ্পণ কংগ্ৰেছৰ নৱ নিযুক্ত পৰ্যবেক্ষক হৰিষ ৰাৱট

July 26, 2018 11:56 am · এন ই নাও নিউজ
Updated: July 26, 2018 12:00 pm
কংগ্ৰেছৰ নৱ নিৰ্বাচিত পৰ্যবেক্ষক হৰিষ ৰাৱটৰ ফাইল ফটো

কাৰ্যতঃ সমাগত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল’বলৈ চাৰিদিনীয়া ভ্ৰমণসূচীৰে আজি ৰাতিপুৱাই অসমত উপস্থিত হৈছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা অসম কংগ্ৰেছৰ নৱ নিযুক্ত পৰ্যবেক্ষক হৰিষ ৰাৱট ।

লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী কাৰ্যকলাপৰ তদাৰক, দলীয় স্থিতিৰ অৱস্থাৰ লগতে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুতৰ বাবে হৰিষ ৰাৱটে অসমত পদাৰ্পণ কৰিছে। অসম কংগ্ৰেছৰ পৰ্যবেক্ষকৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত ৰাৱটৰ এয়াই হৈছে প্ৰথম অসম ভ্ৰমণ।

ইফালে জানিব পৰা মতে অসমত উপস্থিত হৈ অসমৰ জ্যেষ্ঠ দলীয় নেতাসকলক সাক্ষাৎ কৰাৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তলৈ গৈ নিৰ্বাচনী কাৰ্যকলাপৰ তদাৰক কৰিব বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে ৰাৱটে।

আনহাতে নৱ নিযুক্ত পৰ্যবেক্ষকগৰাকীয়ে শুকুৰবাৰে অৰ্থাৎ ২৭ জুলাইত কংগ্ৰেছৰ সাংসদ, বিধায়ক আৰু ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি, সদস্যসকলৰ সৈতে এলানি গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ’ব। আৰু বাকী দুদিনত বিভিন্ন নিৰ্বাচনী সমীক্ষামূলক কাম-কাজত ব্যস্ত থাকিব হৰিষ ৰাৱট।

অসম প্ৰদেশ কংগ্ৰেছৰ বৰ্তমানৰ কাৰ্যকলাপক উচ্চ প্ৰশংসা কৰি তেওঁ উল্লেখ কৰে যে, লোকসভা নিৰ্বাচনৰ বাবে বৰ্তমানলৈ কোনো দলৰে সৈতে মিত্ৰতা সম্পৰ্কে আলোচনা হোৱা নাই বা এইক্ষেত্ৰত এতিয়ালৈ কংগ্ৰেছ  দলে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

উল্লেখ্য যে পৰৱৰ্তী সময়ত ১৫ দিনৰ বাবে পুনৰবাৰ অসমত উপস্থিত হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।

Related News