আজি অসমলৈ বিজেপিৰ সভাপতি অমিত শ্বাহ : অগপক সভাত অংশগ্ৰহণ নকৰিবলৈ আহ্বান অখিলৰ

66167-ircmwhhyah-1518239635

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ। ফটো : ইন্টাৰনেট

উত্তৰ পূৰ্বাঞ্চলৰ কংগ্ৰেছ বিৰোধী মুখ্যমন্ত্ৰীসকলৰ সৈতে এখন বৈঠকত মিলিত হোৱাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ বিৰোধী দলৰ সৈতে নিৰ্বাচনী ৰণকৌশল ৰচনা কৰাৰ লক্ষ্যৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আজি অসমলৈ আহিব।

বৰ্তমান অসমত বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত আছে।  নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু হিন্দু বাংলাদেশী সংস্থাপনৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত থকা প্ৰতিবাদৰ মাজতে গুৱাহাটীলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকী। সেয়ে স্বাভাৱিকতে অমিত শ্বাহৰ এই ভ্ৰমণে বিশেষ গুৰুত্ব বহন কৰিছে।

জানিব পৰা মতে আগন্তুক লোকসভাৰ নিৰ্বাচন সন্দৰ্ভত বিশেষ ৰণকৌশল প্ৰস্তুত কৰাৰ লগতে শ্বাহে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু নেডাৰ নেতা তথা ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সৈতে সুকীয়াকৈ বৈঠকত মিলিত হ’ব। তদুপৰি, শেহতীয়াকৈ অসমত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভতো সভাপতিগৰাকী আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে বুলি এক সূত্ৰই প্ৰকাশ কৰিছে।

আনহাতে,ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ ভ্ৰমণৰ সময়ত ৰাজ্যৰ দুটাকৈ জাতীয়তাবাদী সংগঠনে শ্বাহৰ অসম ভ্ৰমণক লৈ সোচ্চাৰ হৈ পৰিছে।

শনিবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেৱল নিৰ্বাচনৰ বাবেহ শ্বাহে অসমলৈ আহিব বুলি কৈ এই ভ্ৰমণৰ বিৰোধিতা কৰিছে।

আনহাতে, অসমৰ আঞ্চলিক দল অগপক অমিত শ্বাহৰ সভালৈ নাযাবলৈ আহ্বান জনাইছে কৃষক মুক্তিৰ নেতা অখিল গগৈয়ে। গগৈয়ে নেডাৰ সভালৈ নগৈ অগপক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি দেখুৱাবলৈ আহ্বান জনাইছে।