অসম আৰক্ষীয়ে পিচিজিৰ সদস্য তথা এসময়ৰ সুদক্ষ ফুটবল খেলুৱৈ ৰেৱতী ফুকনৰ সন্ধান উলিয়াব নোৱাৰাৰ প্ৰতিবাদত আজি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা বন্ধৰ আহ্বান জনাইছে ১২টা সংগঠনে ।
সদৌ মটক সন্মিলন, মানৱ অধিকাৰ সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ পৰিষদকে ধৰি ১২টা সংগঠনে জিলা দুখনত আহ্বান জনোৱা ১২ ঘণ্টীয়া বন্ধত মিশ্ৰিত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।
ৰেৱতী ফুকনৰ সন্ধান উলিওৱাত অসম আৰক্ষী ব্যৰ্থ হোৱা কাৰ্যত ইতিমধ্যে বিভিন্ন দল-সংগঠনে তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে।
ডিব্ৰুগড় জিলাৰ চাবুৱাৰ ইয়ং ব্লু ক্লাৱত দেওবাৰে অনুষ্ঠিত জাতীয় সংগঠনকেইটাৰ প্ৰতিনিধিত্বমূলক প্ৰতিবাদী সভাত বন্ধৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল।
ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগক অতি শীঘ্ৰে সন্ধানহীন ফুকনক উদ্ধাৰ কৰিবলৈ দাবী জনোৱাৰ লগতে যদি কোনোধৰণৰ তৎপৰতা নেদেখুৱাই তেন্তে আগন্তুক দিনত সমগ্ৰ অসমতে জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি সংগঠনকেইটাই চৰকাৰক সকীয়াই দিয়ে।
উল্লেখ্য যে যোৱা ২২ এপ্ৰিলত সন্ধানহীন হোৱা পিচিজিৰ সদস্য তথা আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ঘনিষ্ঠ বন্ধু ৰেৱতী ফুকনৰ সন্ধান উলিওৱাত ব্যৰ্থ হোৱা কাৰ্যই স্বাভাৱিকতে সচেতন মহলৰ মাজত এক ৰহস্যৰ সৃষ্টি হৈছে।