‘গুৱাহাটীৰ মাজ মজিয়াৰ পৰা কি কাৰণে বিখ্যাত ফুটবলাৰ ৰেবতী ফুকন সন্ধানহীন হৈছে সংশিষ্ট কৰ্তৃপক্ষই যাতে সন্ধান উলিয়াবৰ বাবে চেষ্টা কৰে।‘ চিৰিয়াখানা সুৰক্ষা মঞ্চৰ উদ্যোগত আয়োজিত নাগৰিক সভাত অংশগ্ৰহণৰ অন্তত আলোচনাপন্থী আলফাৰ নেতা অৰৱিন্দ ৰাজখোৱাই সংবাদ মাধ্যমৰ সন্মুখত আজি ৬ মে’ত এই মন্তব্য কৰে।
উল্লেখযোগ্য যে যোৱা ২২ এপ্ৰিলৰ পৰা সন্ধান হৈ থকা প্ৰাক্তন পি চি জি নেতা তথা প্ৰাক্তন ফুটবলাৰ ৰেৱতী ফুকনৰ কোনো ধৰণৰ সন্ধান অসম আৰক্ষী তথা ৰাজ্যৰ গৃহ বিভাগে উলিয়াব নোৱৰাত সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়েও নিৰুদ্দেশ হোৱা ঘটনাটোক গুপ্তহত্যাও হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছিল।
তদুপৰি আলফাৰ নেতাজনে আলফা স্বাধীন আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত নিহত ভাস্কৰ কলিতা নামৰ বিষয়াজনৰ মৃত্যুটো দুখ প্ৰকাশ কৰে। লগতে মৃতকৰ আত্মাই শান্তি লাভৰ বাবে অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
অসমীয়াই অসমীয়াক নিধন কৰা বুলি উল্লেখ কৰি ৰাজখোৱাই কয় ‘অসমীয়া জনসংখ্যা কমি যোৱাৰ পিছতো, বহুতো নিৰীহ অসমীয়া মৃত্যু হোৱাৰ পিছতো এনেধৰণৰ ঘটনাৰ অৱসান ঘটা নাই। অসমীয়াক নিধন কৰা যিটো অভিযান এইটো সকলো সংশ্লিষ্ট কৰ্তৃপক্ষই অৱসান ঘটাবৰ বাবে মই আহ্বান জনাইছো। অসমৰ অধিকাৰ, অসমৰ মৰ্য্যাদা সচেতনতাৰে ৰক্ষা কৰিবৰ বাবেও মই আহ্বান জনাইছো। এজন এজনকৈ অকালতে নিধন হোৱা যিটো পৰ্ব চলি আছে, তাৰ অৱসান ঘটাবৰ বাবে যাতে সকলোৱে চেষ্টা চলায়।’