আজি দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ক্ষন্তেক সময়ৰ বাবে ভূমুকি মাৰিব গুৱাহাটীত

এদিনীয়া ভ্ৰমণসূচীৰ কাৰ্যসূচীৰ বাবে আজি মিজোৰাম আৰু মেঘালয়ত উপস্থিত হ’ব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। এই দুয়োখন ৰাজ্যৰ কাৰ্যসূচী সম্পন্ন কৰি কিছু সময়ৰ বাবে ভূমুকি মাৰিব গুৱাহাটীৰ লোকপ্ৰিয় গোপিনাথ বৰদলৈ বিমান বন্দৰত। প্ৰধান মন্ত্ৰীৰ ভ্ৰমণসূচী কালি চূড়ান্ত হোৱাত অসম চৰকাৰ আৰু অসম আৰক্ষীৰ শীৰ্ষ বিষয়া সকল তৎপৰ হৈ পৰে।

আজি প্ৰধান মন্ত্ৰী বায়ু  সেনাৰ এক বিশেষ বিমানেৰে ৰাতিপুৱা ১০.৩০ বজাত বিশেষ কাৰ্যসূচীৰ বাবে আইজললৈ যাব। আইজল ভ্ৰমণ সামৰি দুপৰীয়া ১ মান বজাত চিলঙত উপস্থিত হ’ব। তাত বিজেপিৰ এখন ৰাজহুৱা সভা সম্বোধন কৰি বিয়লি ৩.৪৫বজাত বৰঝাৰ বিমান বন্দৰত উপস্থিত হ’ব। বিমান বন্দৰত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক সভাপতি ৰঞ্জিত দাসকে ধৰি দলৰ অন্য বিষয় ববীয়া সকলৰ লগত মিলিত হ’ব। তাৰ পিছত বৰঝাৰৰ পৰা পোনে পোনে দিল্লীলৈ ৰাওনা হ’ব।

প্ৰধান মন্ত্ৰী ভ্ৰমণসূচী চূড়ান্ত হোৱাৰ খবৰ লাভ কৰাৰ লগে লগে কালি বিয়লি ভাগতে আৰক্ষীয়ে ৰাজভৱনৰ পৰা বিমান বন্দৰলৈ  কনভয়ৰ আখৰা সম্পন্ন কৰে। লগতে বিমান বন্দৰলৈ যোৱা মূল পথ-ছোৱা সজাই পৰাই তোলাৰ উপৰি ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে।