আজি ‘ধিং এক্সপ্ৰেছ’ হিমা দাসক শ্রেষ্ঠ খেলুৱৈ বঁটা প্ৰদান কৰিব ইউনাইটেড ব্ৰাদাৰ্ছ ক্লাবে

সৰুসজাইত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় এছলেটিকছত স্বৰ্ণজয়ৰ বাবে দৌৰাৰ মুহূৰ্তত হিমা দাস। ফটো : ইউ বি

২০০ আৰু ৪০০ মিটাৰ দৌৰত শেহতীয়াকৈ চাঞ্চল্যৰ সৃষ্টি কৰা অসমৰ এথলেট হিমা দাসক আজি ইউনাইটেড ব্ৰাদাৰ্ছ ক্লাবে শ্রেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰিব।

বিয়লি ৩.৪৫ বজাত হোটেল নভটলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হিমাক ইউ বি চি অসম ক্ৰীড়া বঁটা প্ৰদান কৰিব।ইয়াৰ লগতে ক্ৰিকেটাৰ ৰিয়ান পৰাগক শ্ৰেষ্ঠ উদীয়মান খেলুৱৈৰ বটাঁ প্ৰদান কৰা হ’ব।

সৰসজাইৰ ট্ৰেকত ‘ধিং এক্সপ্ৰেছ’ হিমা দাস। ফটো : ইউ বি

হিমাক সমাজসেৱী মহিলা হবিবন নেছা সোঁৱৰণী বঁটাৰ লগতে নগদ এক লাখ টকাৰ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰা হ’ব। আনহাতে, ৰিয়ানে লাভ কৰিব পুতু শইকীয়া সোঁৱৰণী বঁটাৰ লগতে নগদ ৫০ হেজাৰ টকা।

তদুপৰি ক্লাবটোৱে অসম ৰাইফলছ শ্বুটিং সন্থাৰ সম্পাদক ভৱ কলিতাক শ্ৰেষ্ঠ ক্ৰীড়া সংগঠক আৰু কমলাকান্ত সিঙক শ্ৰেষ্ঠ ফুটবল প্ৰশিক্ষকৰ বঁটা প্ৰদান কৰিব।

ইয়াৰোপৰি ২০১৭ চনৰ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত উজলি উঠা ১২ গৰাকী খেলুৱৈ-সংগঠকক সম্বৰ্ধনা জনোৱা হ’ব। এইসকলৰ ভিতৰত আছে কৃষ্টি বড়ো, প্ৰাঞ্জল ভূমিজ, অস্মিতা চলিহা, লাভলিনা বৰগোহাঁই, হৃদয় হাজৰিকা, অংকুশিতা বড়ো, তৃষা গগৈ, অনু চেতিয়া, বিশ্বজিৎ ৰায়, অন্যতম ৰাজকোঁৱৰ, ৰ’দালি বৰুৱা আৰু সুকুমাৰ মেধি।

অনুষ্ঠানত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, নগৰ উন্নয়ন মন্ত্ৰী পীযুষ হাজৰিকা, আৰক্ষী সঞ্চালকপ্ৰধান কুল শইকীয়া, অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানু, ৰঞ্জি ক্ৰিকেটাৰ পৰাগ দাস, সন্তৰণবিদ মিঠু বৰুৱা, এলভিছ আলী হাজৰিকা, অভিনেত্ৰী আইমী বৰুৱা, নিশিতা গোস্বামী, কণ্ঠশিল্পী সীমান্ত শেখৰ আৰু তৰালী শৰ্মা উপস্থিত থাকিব।