অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যা সম্পৰ্কত বাংলাদেশ চৰকাৰৰ লগত আলোচনাত মিলিত হোৱা নাই ভাৰত চৰকাৰ : প্ৰফুল্ল কুমাৰ মহন্ত

Prafulla Kumar Mahanta PMT (1)

‘বাংলাদেশৰ প্ৰধান মন্ত্ৰীক সোধা হৈছিল অসমত বা ভাৰতত থকা অবৈধ অনুপ্ৰৱেশকাৰীসকলক কিয় ঘূৰাই লোৱা নাই? তেতিয়া প্ৰধান মন্ত্ৰীগৰাকীয়ে কৈছিল যে ভাৰত চৰকাৰে তেওঁলোকক এই বিষয়ে একো জনোৱা নাই’। আজি গুৱাহাটী আৱৰ্ত্ত ভৱনত এখন সংবাদ মেল সম্বোধন কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই এই মন্তব্য কৰে।

কেন্দ্ৰীয় চৰকাৰৰ হেমাহিৰ কাৰণেই আজিও বাংলাদেশৰ চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাই বুলি মত প্ৰকাশ কৰি মহন্তই লগতে কয় ‘আমি এই বিষয়টো আলোচনা কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছো।‘

‘অসমৰৰ যাউতীযুগীয়া সংস্কৃতি ৰক্ষাৰ বাবে সকলো গোষ্ঠীকে ওলাই আহিবলৈ আহ্বান জনাইছো। লগতে মই আশা কৰিছো কেন্দ্ৰীয় চৰকাৰেও তেওঁলোকৰ মনৰ কথা শুনাৰ চেষ্টা কৰিব’। মহন্তই আজিৰ সংবাদ মেলত কয়।

‘এই আইনখন সংসদত গৃহীত হ’লে অসমীয়া খিলঞ্জীয়া জনসাধাৰণ সংখ্যালঘুত পৰিণত হ’ব আৰু  অসমৰ জনগাথনি পৰিবৰ্তিত হ’ব’ অসম আন্দোলন সংগ্ৰামী মঞ্চই কৈ অহা এই কথাষাৰৰ কিছুসংখ্যক ৰাজনৈতিক নেতাই ইয়াক লৈ ৰাজনৈতিক ৰহন সনাৰ অভিযোগ তুলি মহন্তই কয়  ‘কোনোবাই আমাৰ এই মন্তব্য বঙালীৰ বিৰুদ্ধে বুলি কৈছে, আৰু কিছু সংখ্যকে বেলেগ বেলেগ কথাও অবতাৰণা কৰিছে। কিন্তু ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মানিক চৰকাৰ, পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে এই বিলখনৰ বিৰোধিতা কৰিছিল। গতিকে এই কথাটো প্ৰমাণিত হয়, কোনো এক বিশেষ ৰাজনৈতিক চক্ৰই ইয়াক ৰং সানি অসমৰ সম্প্ৰীতি নষ্ট কৰিব বিচাৰিছে।‘

ডেৰ-দুইবছৰ আগতে বাংলাদেশত বসবাস কৰা হিন্দু লোকসকলক প্ৰফুল্ল মহন্তই সাক্ষাৎ কৰিছিল বুলি সদৰী কৰি তেওঁ কয়  ‘শ্বেখ হাছিনাৰ শাসনত তেওঁলোক নিৰাপত্তাত আছে, তেওঁলোকৰ কোনো অসুবিধা হোৱা নাই, তেওঁলোকে বাংলাদেশ এৰি আহিব নিবিচাৰে। এনে ক্ষেত্ৰত বাংলাদেশৰ হিন্দু লোকসকলক ৰঙা দলিচা পৰা কেন্দ্ৰীয় চৰকাৰৰ নীতিক আমি বিৰোধিতা কৰিছো’।

আনহাতে অসম আন্দোলন সংগ্ৰামী মঞ্চৰ মুখ্য  আহ্বায়ক কুমাৰ দীপক দাসে সাংসদ হৈ থাকোতে এই বিলখন ফালি কেন্দ্ৰীয় মন্ত্ৰী এগৰাকীৰ হাতত চমজাই দিছিল বুলিও বৃহস্পতিবাৰে হোৱা সংবাদ মেলত মহন্তই কয়। তেওঁ লগতে কয় ‘ তাৰ পিছত ৰাজনৈতিক পৰিৱৰ্তন হ’ল। কিন্তু ২০১৬ চনত আমি মিত্ৰজোঁটত থাকোতেও বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সংসদত এই বিলখন উত্থাপন কৰিছে।‘

অসম আন্দোলন সংগ্ৰামী মঞ্চই এই বিলখনৰ প্ৰথমে বিৰোধিতা কৰা বুলি দাবী জনাই মহন্তই কয় যে  পিছত অসম গণ পৰিষদকে ধৰি অন্যান্য ৰাজনৈতিক দল, মঞ্চই পৰ্য্যায়ক্ৰমে এই বিলখনৰ বিৰোধিতা কৰি আহিছে। অসম আন্দোলন সংগ্ৰামী মঞ্চই প্ৰধান মন্ত্ৰী, গৃহ মন্ত্ৰী, উপৰাষ্ট্ৰপতি সকলোকে লগ ধৰি এই বিলখন নানিবৰ কাৰণে স্মাৰক পত্ৰ প্ৰদান কৰিছিল বুলিও আজিৰ সংবাদমেলত মহন্তই সদৰী কৰে।

‘অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থা, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ হাতত সম্পূৰ্ণ ক্ষমতা আছে। কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগ অসম চুক্তি ৰূপায়ণ কৰাত ক্ষেত্ৰত সম্পূৰ্ণ দায়বদ্ধ। কেন্দ্ৰীয় চৰকাৰ আগবাঢ়ি নহাৰ কাৰণে এই চুক্তিখন বাস্তবত ৰূপায়িত হোৱা নাই।‘ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি মহন্তই এনেদৰে কয়।