আজি মৰণপণ যুঁজত এফ চি গোৱাৰ সন্মুখত নৰ্থ-ইষ্ট য়ুনাইটেড

চলিত চতুৰ্থ হিৰ’ ইণ্ডিয়ান ছুপাৰ লীগ(আই এছ এল)ৰ দ্বিতীয় লেগৰ এখন মৰণপণ যুঁজত নৰ্থ-ইষ্ট ইউনাইটেড মুখামুখি হ’ব ঘৰুৱা দল এফ চি গোৱাৰ। গোৱাৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আজিৰ এই খেলখন। লক্ষণীয় যে দুয়োটা দলে আজি ১২ নম্বৰ মেচত অৱতীৰ্ণ হ’ব।

উল্লেখযোগ্য যে চলিত সংস্কৰণৰ প্লে অফত স্থান নিশ্চিত কৰাৰ বাবে আজিৰ খেলখনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।

সম্প্ৰতি দুয়োটা দলে তালিকাৰ শীৰ্ষ চাৰিৰ বাহিৰত আছে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে গুৱাহাটীত অনুষ্ঠিত হোৱা প্ৰথম লেগৰ খেলত নৰ্থ-ইষ্ট য়ুনাইটেডে ২-১ গ’লৰ ব্যৱধানত পৰাজিত কৰিছিল এফ চি গোৱাক।

আনহাতে এফ চি গোৱাই ইয়াৰ পূৰ্বে খেলা ১১ খন মেচৰ ৬ খনত জয়লাভ কৰাৰ বিপৰীতে ৪ খনত পৰাজয় আৰু ১ খনত ড্ৰ খেলিছে। এই কেইখন খেলৰ পৰা গোৱাই ১৯ পইণ্ট লাভ কৰি তালিকাৰ ষষ্ঠ স্থানত আছে।

ইফালে নৰ্থ-ইষ্টে ১১ খন খেলৰ ৩ খনত জয়লাভ কৰাৰ বিপৰীতে ৭ খনত পৰাজয় আৰু ১ খন খেল ড্ৰ খেলি মুঠ ১০ পইণ্ট অৰ্জন কৰি সম্প্ৰতি তালিকাৰ নৱম স্থানত আছে।

মনকৰিব লগীয়া যে যদিহে নৰ্থ-ইষ্ট য়ুনাইটেডে আজিৰ খেলত বিজয়ী হ’ব নোৱাৰে তেন্তে চতুৰ্থ বাৰৰ বাবে প্লে অফত স্থান নিশ্চিত কৰাৰ সুযোগ হেৰুৱাব।

ইতিমধ্যে গোৱাই যোৱা খেলত নিজৰ ঘৰৰ মাটিতে মুম্বাই এফ চিৰ বিৰুদ্ধে পৰাস্ত হৈছিল। যাৰ কাৰণে আজি ঘৰুৱা দল যথেষ্ট চাপত থাকিব।

এই সম্পৰ্কত এফ চি গোৱাৰ প্ৰশিক্ষক ল’বেৰাই সংবাদ মাধ্যমৰ আগত কয়, ‘আমি কোন দলৰ বিপক্ষে মেচত অৱতীৰ্ণ হৈছো সেই বিষয়ে দলৰ খেলুৱৈ মুঠেও চিন্তিত নহয়। প্ৰতিখন খেলেই দলৰ বাবে গুৰুত্বপূৰ্ণ। আমি তালিকাৰ কোন স্থানত আছো বা প্লে অফত স্থান নিশ্চিত হ’ব নে নহয় তাৰ বাবেও কোনো খেলুৱৈ চাপত নাই’।

ইফালে নৰ্থ- ইষ্টে দ্বিতীয় লেগৰ ঘৰুৱা খেলত উন্নতমানৰ প্ৰদৰ্শন কৰিছে যদিও যোৱা খেলত বেংগালুৰু এফ চিৰ বিৰুদ্ধে পৰাজয়বৰণ কৰিছিল। যোৱা খেলৰ সকলো কথা পাহৰি এফ চি গোৱাৰ বিৰুদ্ধে নৰ্থ-ইষ্টে আজি উন্নতমানৰ প্ৰদৰ্শন দাঙি ধৰিব বুলি দলটোৰ নৱ নিযুক্ত প্ৰশিক্ষক গ্ৰাণ্টে সংবাদ মাধ্যমৰ আগত সদৰী কৰে।