NORTHEAST NOW (Assamese)

আধাৰ কাৰ্ড সম্পৰ্কত মেঘালয় পিপ’লচ কমিটিৰ গুৰুত্বপূৰ্ণ আহবান

December 23, 2017 10:27 pm · এন ই নাও নিউজ
Updated: December 24, 2017 3:15 pm

‘আধাৰ’ক লৈ গঠিত মেঘালয় পিপ’লচ কমিটিয়ে  যিসকল লোকে ইতিমধ্যে আধাৰত নিজৰ নাম অন্তৰ্ভুক্তি কৰাৰ পিছতো নামাকৰণৰ পৰা বাদ পৰি গৈছে তেওঁলোকক উচ্চতম ন্যায়ালয়ত ব্যক্তিগতভাৱে আবেদন জনাবলৈ আহবান জনাইছে।

শণিবাৰে কমিটিখনৰ সদস্যসকলৰ দ্বাৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে অহা বছৰ ১৭ জানুবাৰীৰ পৰা উচ্চতম ন্যায়ালয়ৰ ৫ জন বিচাৰপতিৰে গঠিত এক সংবিধানিক পীঠে আধাৰৰ বিৰুদ্ধে থকা প্ৰায় ২৮ খন এজাহাৰৰ শুনানি আৰম্ভ কৰিব।

‘যিকোনো ধৰণৰ কৰ্তৃপক্ষই, সেয়া লাগিলে চৰকাৰি দপ্তৰ/ প্ৰতিষ্ঠান, বেংক আৰু অন্যান্য প্ৰতিষ্ঠান যিয়েই নহওক, যদিহে আপোনালোকক কোনোধৰনৰ জবৰদস্তি, ধমকি বা নাম অন্তৰ্ভুক্ত নোহোৱাৰ কাৰণে শাস্তিমুলক ব্যৱস্থা লোৱা হ’ব বুলি ভাবুকি প্ৰদান কৰে তেন্তে আপোনালোকে উচ্চতম ন্যায়লয়ত ৫ খন এজাহাৰ দাখিল কৰিব পাৰিব।’

বিবৃতিটোত এই বুলিও কোৱা হৈছে যে যদিহে কোনো লোকক আধাৰ কাৰ্ড নথকাৰ কাৰণে তেওঁলোকক স্কুল-কলেজত নামভৰ্তি, পি এইচ ডি, স্কলাৰশ্বিপ আদি দিয়া নহ’ব বুলি  ভাবুকি দিয়া হৈছে তেন্তে তেওঁলোকেও একেধৰণৰ এজাহাৰ দাখিল কৰা উচিত।

আনহাতে যিসকল অৱসৰপ্ৰাপ্ত ব্যক্তিক আধাৰত নাম অন্তৰ্ভুক্ত নকৰিলে পেঞ্চনৰ পৰা বঞ্চিত কৰা হ’ব বুলি ভাবুকি দিয়া হৈছিল বা পেঞ্চনৰ পৰা বঞ্চিত কৰা হৈছিল তেনে লোকসকলেও এজাহাৰ দাখিল কৰিব পাৰে।

ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে আধাৰ কাৰ্ডৰ সৈতে বেংকৰ একাউণ্ট, মোবাইল নম্বৰৰ লগতে ১০০টা মান চৰকাৰী আঁচনিৰ সংযোগ কৰাৰ সময়সীমা ৩১ মাৰ্চ ২০১৮ লৈকে বৃদ্ধি কৰিছিল।

Related News