আনন্দৰাম বৰুৱা একাডেমীয়ে ব্যক্তিগত প্ৰচেষ্টাত প্ৰকাশ কৰি উলিয়ালে বিভিন্ন বিষয়ক পাঠ্যপুথি

Representstive Image

বৰপেটা জিলাৰ পাঠশালাৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠান আনন্দৰাম বৰুৱা একাডেমীয়ে সম্পূৰ্ণ নিজা প্ৰচেষ্টাত এই বছৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰকাশ কৰি উলিয়াইছে পাঠ্যপুথি।

উল্লেখ্য যে আনন্দৰাম বৰুৱা একাডেমীয়ে অষ্টম শ্ৰেণীলৈকে প্ৰকাশ কৰি উলিওৱা পাঠ্যপুথি ইতিমধ্যে ৰাজ্যৰ ১৫০ খন  বিভিন্ন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে।

শিক্ষানগৰীলৈ ৰপান্তৰিত হোৱা পাঠশালা চহৰত আজিৰ পৰা কিছু বছৰ পূৰ্বে স্থাপিত হোৱা আনন্দৰাম বৰুৱা একাডেমীয়ে ইতিমধ্যে এনেকুৱা পদক্ষেপৰ বাবে ৰাজ্যৰ শিক্ষামহলত যথেষ্ট প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে।

আনন্দৰাম বৰুৱা একাডেমী সম্পৰ্কে ৰাজ্যবাসীক নতুনকৈ কোৱাৰ প্ৰযোজনীয়তা নাই। কিয়নো এই শিক্ষানুষ্ঠানখনৰ পৰা বিগত কিছুবছৰৰ পৰা উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীয়ে যথেষ্ট উন্নতমানৰ ফলাফল প্ৰদৰ্শন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

স্মৰ্তব্য যে বৰ্তমান এই বিদ্যালয়খনত প্ৰাথমিক পৰ্যায়ৰ পৰা স্নাতক-স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষা গ্ৰহণৰ সুবিধা পোৱাৰ লগতে সকলো ধৰণৰ শৈক্ষিক সুবিধা প্ৰদান কৰা হয়।

পাঠ্যপুথি প্ৰকাশৰ বাবে বিদ্যালয়খনে ২০১৪ চনত প্ৰথম পদক্ষেপ গ্ৰহণ কৰিছিল। বিদ্যালয়খনে কিছু বিশেষজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰাক প্ৰাথমিক পৰ্যায়ৰ পৰা অষ্টম শ্ৰেণীলৈকে পাঠ্যপুথি প্ৰস্তুত কৰি প্ৰকাশ কৰিছিল।

২০১৫ চনত তেওঁলোকে বিভিন্ন শ্ৰেশীৰ মুঠ ১৪ টা বিষয়ৰ পাঠ্যপুথি প্ৰকাশ কৰি উলিয়াইছিল। ২০১৬ চনত প্ৰাক প্ৰাথমিক পৰ্যায়ৰ পৰা অষ্টম শ্ৰেণীলৈকে ইংৰাজী, অসমীয়া, হিন্দী, গণিট, পৰিৱেশ বিজ্ঞান, সমাজ বিজ্ঞান আৰু কম্পিউটাৰ বিষয়ৰ পাঠ্যপুথি প্ৰকাশ কৰিছিল।

বৰ্তমান এই শিক্ষানুষ্ঠানখনে সকলো শ্ৰেণীৰ বাবে সৰ্বমুঠ ৭৪ টা বিষয়ত পাঠ্যপুথি প্ৰকাশ কৰে। উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰাজ্যৰ প্ৰায় সংখ্যক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে অসম জাতীয় বিদ্যালয়ৰ পৰা পাঠ্যপুথি সংগ্ৰহ কৰা দেখা গৈছিল।

মন কৰিবলগীয়া যে প্ৰত্যেক বছৰে নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ সময়ত ৰাজ্যত ব্যাপকভাবে পাঠ্যপুথিৰ নাটনি হোৱা পৰিলক্ষিত হয়। যাৰ ফলত এই শিক্ষানুষ্ঠানখনে পাঠ্যপুথি বিতৰণত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে। কিন্তু এইবেলি শিক্ষানুষ্ঠানখনে শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বে ছয়লাখ পাঠ্যপুথি প্ৰকাশ কৰি উলিওৱা বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলে এই পাঠ্যপুথিৰ পৰা লাভান্বিত হ’ব বুলি আশা প্ৰকাশ কৰিছে শিক্ষানুষ্ঠানখনৰ মুৰব্বী ড০ ৰঞ্জিত ডেকাই।