আন্দোলনত নামিল বিজেপি নেতৃত্বাধীন নৱগঠিত ত্ৰিপুৰা চৰকাৰৰ অংশীদাৰ আই পি এফ টি; নতুন দিল্লীত উঠালে তিপৰালেণ্ডৰ দাবী

প্ৰতিনিধিত্বমূলক ছবি

চৰকাৰ গঠনৰ পিছতে নতুন দিল্লীত সুকীয়া ৰাজ্য দাবী আন্দোলনত যোগ দিলে ত্ৰিপুৰাৰ বিজেপি নেতৃত্বাধীন নতুন চৰকাৰৰ অংশীদাৰী দল আই পি এফ টি (Indigenous Peoples Front of Tripura)এ।

ভাৰতত বিভিন্ন সুকীয়া ৰাজ্যৰ দাবী কৰি অহা সংগঠনৰ মঞ্চ এন এফ এচ এ’ (National Federation for New States)ই শনিবাৰে নতুন দিল্লীত এই আন্দোলনৰ আয়োজন কৰিছিল।

প্ৰধান মন্ত্ৰীয়ে তিপৰালেণ্ড গঠন সন্দৰ্ভত আমাৰ দাবীৰ প্ৰতি ইতিবাচক সঁহাৰি দেখুৱাইছে আৰু বিষয়টো পৰ্য্যালোচনা কৰিবলৈ এখন মডুলেইশ্যন কমিটি গঠনৰ নিৰ্দেশ দিছে’ বুলি ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ পূৰ্বে কৈছিল আই পি এফ টিৰ সভাপতি এন চি দেববাৰ্মাই।

নতুন দিল্লীৰ আন্দোলনটোত তিপৰালেণ্ড দাবীৰে আই পি এফ টিৰ প্ৰায় ৫০০ গৰাকী স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰে।

আন্দোলনটোত চামিল হৈ সুকীয়া ৰাজ্যৰ দাবী বিবেচনাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আহ্বান জনায় দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অগণন সমৰ্থকে।

ত্ৰিপুৰাত চৰকাৰ গঠনৰ পিছতে আই পি এফ টিয়ে সুকীয়া ৰাজ্য দাবীৰ আন্দোলনত যোগ দিয়াটো তাৎপৰ্য্যপূৰ্ণ বুলি বিবেচিত হৈছে।

শেহতীয়া ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৩৬ খন আসন দখল কৰি সংখ্যাগৰিষ্ঠতা আৰ্জন কৰাৰ বিপৰীতে ইয়াৰ নিৰ্বাচনপূৰ্ব মিত্ৰ আই পি এফ টিয়ে ৮ খন আসন পাইছিল।