আপাতানিসকলৰ দ্ৰি উৎসৱ উপলক্ষে জনসাধাৰণলৈ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ শুভেছা

dree--570x320

অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে আপাতানিসকলৰ দ্ৰু উৎসৱ উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণ বিশেষকৈ আপাতানিসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

শুভেচ্ছামূলক বাৰ্তাটোত মুখ্য মন্ত্ৰী খাণ্ডুৱে আপাতানিসকলৰ সংস্কৃতিক ৰক্ষণাৱেক্ষণ দিয়াৰ লগতে এই সংস্কৃতি আৰু পৰম্পৰা উঠি অহা প্ৰজন্মৰ মাজলৈ আগবঢ়াই লৈ যোৱাৰ বাবে আপাতানিসকলৰ শলাগ লয়।

এটা সংবাদ বিজ্ঞপ্তিত খাণ্ডুৱে কৈছে, ‘‘মই বিশ্বাস কৰোঁ যে দ্ৰিয়ে ৰাজ্যখনলৈ  সাম্প্ৰদায়িক ঐক্য, শান্তি, পৱিত্ৰতা আৰু প্ৰাচুৰ্য কঢ়িয়াই আনে।’’

খাণ্ডুৱে তেওঁৰ আনুষ্ঠানিক টুইটাৰ একাউণ্টত এই বুলি লিখিছে, ‘‘ মোৰ আপাতানি ভাই-ভনীসকলক দ্ৰি উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপাতানিসকলক তেওঁলোকৰ অদ্বিতীয় সেমেকা ধানখেতি আৰু বহনক্ষম কৃষি কৰ্মৰ বাবে জনা যায়। মই সৰ্বশক্তিমান তামু, হাৰনিয়াং, মেতি আৰু দঞিলৈ প্ৰাৰ্থনা জনাওঁ যাতে  অপৰ্যাপ্ত ফচলেৰে ভৰি পৰে আৰু আহিবলগীয়া নতুন বছৰটো প্ৰাচুৰ্যময় হয়।

অৰুণাচলৰ ৰাজ্যপাল ড০ বি ডি মিশ্ৰয়ো দ্ৰি উৎসৱ উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰে।

ৰাজ্যপালে তেওঁৰ বাৰ্তাটোত কৈছে যে দ্ৰি উৎসৱ হৈছে আপাতানিসকলৰ পৰম্পৰাগত আত্ম-পৰিচয় আৰু এই উৎসৱ আপাতানিসকলে ইতিহাসে ঢুকি নোপোৱা সময়ৰ পৰাই গৰ্বেৰে আৰু সচেতনভাৱে সংৰক্ষণ কৰি আহিছে।

তেওঁ আৰু কয় যে স্থানীয় উৎসৱসমূহে পূৰ্ব পুৰুষৰ প্ৰমূল্য আৰু জনগোষ্ঠীয় আত্ম-পৰিচয় ভৱিষ্যতৰ প্ৰজন্মৰ বাবে সংৰক্ষণ কৰা, বিকশিত কৰে আৰু পৰিৱৰ্তনৰ সময়চোৱাত নিজৰ আত্ম পৰিচয় বৰ্তাই ৰখাত সহায় কৰে।

অৰুণাচলৰ উপ মুখ্য মন্ত্ৰী চওনা মেইনেও এই উৎসৱ উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জনায়।’

নিজৰ টুইটাৰ একাউণ্টত তেওঁ ‘‘ মোৰ আপাতানি ভাই-ভনীসকলক দ্ৰি উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ‘‘দ্ৰিয়ে ৰাজ্যখনক সাম্প্ৰদায়িক ঐক্য, শান্তি, পৱিত্ৰতা আৰু প্ৰাচুৰ্য কঢ়িয়াই আনে তাকে কামনা কৰিলোঁ।শুভ দ্ৰি উৎসৱ।’’

উল্লেখ্য যে দ্ৰি উৎসৱ হৈছে অৰুণাচলৰ আপাতানি জনগোষ্ঠীয় লোকসকলৰ এটা কৃষিভিত্তিক উৎসৱ।

আপাতানিসকলৰ আটাইতকৈ ডাঙৰ উৎসৱ দ্ৰি বন্ধুত্বপূৰ্ণ আৰু আৱেদনৰ পৰা সংগ্ৰাহিত ধনেৰে উদ্‌যাপন কৰা হয়।

দ্ৰি উৎসৱ ৫জুলাইৰ দিনা পালন কৰা হয়। এই উৎসৱৰ পূৰ্বে ৪ জুলাইৰ নিশা উৎসৱৰ পূৰ্বৰ কিছুমান নিয়ম-নীতি পালন কৰা হয়।