আপোনাৰ অজ্ঞাতে আপোনাৰ সন্তানে উপভোগ কৰিছে নেকি নীলা ছবি? : কিশোৰ-কিশোৰীৰ মাজত বাঢ়িছে প্ৰৱণতা

আজি কিছু বছৰৰ পৰা কিশোৰকিশোৰীৰ মাজত বাঢ়ি আহিছে পৰ্ণ বা নীলা ছবি চোৱাৰ প্ৰৱণতা। ১৪ৰ পৰা ১৮ বছৰীয়া ল’ৰাছোৱালীৰ মাজত বৃদ্ধি পাইছে নীলা ছবি চোৱাৰ প্ৰৱণতা। শেহতীয়াকৈ ইংলেণ্ডৰ স্কুলীয়া ছাত্ৰছাত্ৰীৰ ওপৰত কৰা এক সমীক্ষাত এনে তথ্য পোহৰলৈ আহিছে। সমীক্ষা অনুসৰি নাবালকৰ মাজত যে কেৱল নীলা ছবি চোৱাৰ প্ৰতি আগ্ৰহ বাঢ়িছে নহয়, নীলা ছবি উপভোগ কৰাটো তেওঁলোকৰ নিচালৈ পৰিণত হৈছে।

লগতে পঢ়কঃ মায়ে দিয়া যৌনশিক্ষাৰ কিতাপ লৈ আইনাৰ আগত নিজৰ শৰীৰৰ অংগ চিনিছিলোঁ

সমীক্ষা কৰা গৱেষক সকলে লক্ষ্য কৰিছে যে কিশোৰকিশোৰীসকলৰ মাজত যৌন পৰীক্ষানিৰীক্ষাৰ প্ৰতি আগ্ৰহ বাঢ়িছে। ফলত তেওঁলোকে অজানিতে নিজৰ শাৰীৰৰ ক্ষতি কৰিছে। একাংশ বিদ্যালয়ৰ অধ্যক্ষৰ মতে, হিংসাত্মক যৌন ভিডিঅ’ৰ সংস্পৰ্শলৈ অহাৰ ফলত যৌন নিৰ্যাতনৰ আশংকাও বৃদ্ধি পাইছে, যিটো অতিশয় চিন্তাৰ বিষয়। 

লগতে পঢ়কঃ মাতৃত্ব লাভ কৰা কিশোৰী সকলৰ বাবে নিয়মীয়া যৌনশিক্ষাৰ ব্যৱস্থা: এখন বিদ্যালয়ে দেখুৱাইছে নিদৰ্শন

ডিগনিফাইহৈছে যৌন হিংসাত আক্ৰান্ত যুৱকযুৱতীসকলৰ সৈতে কাম কৰা স্বেচ্ছাসেৱী সংগঠন। তেওঁলোকে ১৪ৰ পৰা ১৮ বছৰ বয়সৰ ৪০০০ ছাত্ৰছাত্ৰীৰ ওপৰত এই সমীক্ষা চলাইছিল। সমীক্ষাৰ তথ্য অনুসৰি এই কিশোৰকিশোৰীসকলৰ ২২ শতাংশই পৰ্ণ চোৱা বুলি স্বীকাৰ কৰিছে। সমীক্ষাৰ মতে প্ৰতি পাঁচগৰাকী ছাত্ৰছাত্ৰীৰ ভিতৰত এগৰাকীয়ে মাজে মাজে নীলা ছবি উপভোগ কৰে। প্ৰতি দহগৰাকী ছাত্ৰছাত্ৰীৰ ভিতৰত এগৰাকী পৰ্ণ চোৱাত আসক্ত। লগতে প্ৰতি দহগৰাকী ছাত্ৰছাত্ৰীৰ ভিতৰত এজনে যৌন ভিডিঅ’ চাই বিভিন্ন ধৰণৰ যৌন কাৰ্যত লিপ্ত হয়।

লগতে পঢ়কঃ পাৰ্টি ছীজনত কিদৰে আঁতৰাই ৰাখিব হেংঅ’ভাৰ

সমীক্ষাটোত কিশোৰকিশোৰীসকলক প্ৰশ্ন কৰা হৈছিল, কিমান বয়সত তেওঁলোকে প্ৰথমবাৰৰ বাবে নীলা ছবি উপভোগ কৰিছিল? তেতিয়া এগৰাকী ছাত্ৰই উল্লেখ কৰিছিল যে যে তেওঁ ৩ বছৰ বয়সত প্ৰথম নীলা ছবিখন দেখিছিল। সমীক্ষাত পৰ্ণ চোৱা বুলি স্বীকাৰ কৰা বাকীসকলে গড়ে ১২ বছৰ বয়সত প্ৰথমখন নীলা ছবি উপভোগ কৰিছিল।

লগতে পঢ়কঃ শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ উন্নয়ন

ডিগনিফাই’ৰ কাৰ্যবাহী সঞ্চালক হেলেন ৰবাৰ্ট এই বিষয়ে অতিশয় চিন্তিত। নীলা ছবি চোৱাৰ ফলত সৰুৰে পৰা ছাত্ৰছাত্ৰীৰ মাজত হিংসাত্মক আচৰণ বৃদ্ধি পাইছে বুলি তেওঁ ভাবে। হেলেনে কয়, “পৰ্ণ চোৱাৰ বিষয়ে আমাৰ সমীক্ষাৰ ফলাফল যথেষ্ট উদ্বেগজনক। তথাপি আমাৰ আংশকা আছে যে নিয়মিতভাৱে পৰ্ণ চোৱা বহু ছাত্ৰছাত্ৰীয়েপৰ্ণ চোৱাৰ কথা স্বীকাৰ কৰা নাই। যদি আমাৰ আশংকা সঁচা হয় তেন্তে এই সংখ্যা আৰু বৃদ্ধি পাব।

লগতে পঢ়কঃ চিকিৎসকৰ প্ৰেচক্ৰিপচন নোহোৱাকৈ শিশুক ঔষধ খুওৱাটো সমীচিন নে?