• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাতৃত্ব লাভ কৰা কিশোৰী সকলৰ বাবে নিয়মীয়া যৌনশিক্ষাৰ ব্যৱস্থা: এখন বিদ্যালয়ে দেখুৱাইছে নিদৰ্শন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 4, 2023 4:32 pm
Texas school
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ টেক্সাছৰ মাতৃত্ব লাভ কৰা কিশোৰী সকলৰ বাবে এখন বিদ্যালয়ে নিয়মীয়া শিক্ষাৰ উপৰিও যৌন শিক্ষা আৰু শিশু লালন-পালনৰ পাঠ আগবঢ়াইছে। টেক্সাছৰ লিংকন পাৰ্ক নামৰ এই হাইস্কুলখনৰ সকলো ছাত্ৰ-ছাত্ৰীয়েই কিশোৰ-কিশোৰী। কিছুমান কিশোৰীয়ে ইতিমধ্যেই মাতৃত্ব লাভ কৰিছে, আন কিছুমান কিশোৰীয়ে মাতৃ হোৱাৰ বাবে অপেক্ষা কৰি আছে।

কিশোৰী কালত গৰ্ভধাৰণ কৰা মহিলাসকলে কেনেকৈ হতাশা দূৰ কৰিব পাৰি আৰু নৱ শক্তিৰে আগবাঢ়িব পাৰি সেই বিষয়েও পাঠ আগবঢ়াই এই বিদ্যালয়খনে।

Apply Now

এই বিদ্যালয়খনৰে এগৰাকী ছাত্ৰী হৈছে হেলেন। ২০২১ চনৰ আৰম্ভণিতে হেলেনে জোখতকৈ অধিক খাদ্য খাইছিল। মাত্ৰ ১৫ বছৰীয়া হেলেনে তাইৰ ইমান ভোকত বাঢ়ি অহাৰ কাৰণ বুজিব পৰা নাছিল। হেলেনে জ্যেষ্ঠ ভগ্নীৰ পৰা জানিব বিচাৰিছিল যে ইমান খাদ্য খোৱাটো স্বাভাৱিক নে অস্বাভাৱিক? জ্যেষ্ঠ ভগ্নীয়ে হেলেনক যথাযথ উত্তৰ দিব নোৱাৰিলে।

কিন্তু লাহে লাহে হেলেনে নিজৰ মানসিকতাও সলনি হৈ অহাৰ কথা উপলব্ধি কৰে। লাহে লাহে হেলেনে নিজৰ সৈতে পৰিয়ালৰ সদস্য আৰু বন্ধু-বান্ধৱীৰ লগত কাজিয়া আৰম্ভ হোৱাৰ কথা উপলব্ধি কৰে।

এটা সময়ত হেলেনে অনুভৱ কৰিলে যে তেওঁৰ মাহেকীয়া বন্ধ হৈ গৈছে। তাৰ পিছতে জন্মদিনৰ দিনাই তেওঁ গৰ্ভৱতী হোৱাৰ কথা জানিব পাৰে। কিন্তু হেলেনে এই কথা একেবাৰেই মানি ল’ব পৰা নাছিল।

এই ঘটনাৰ খবৰ পোৱাৰ পিছত হেলেনৰ বন্ধুসকলে হেলেনক এৰাই চলিবলৈ ধৰিলে। আনকি এগৰাকী সহপাঠীয়ে হেলেনৰ লগত কথা পতা বন্ধ কৰি দিলে। হেলেনৰ গৰ্ভস্থ সন্তানৰ পিতৃ অবৈধ বুলি সমাজত সৰস চৰ্চা চলিবলৈ ধৰিলে।

অৱশেষত গৰ্ভাৱস্থাৰ শেষৰ ফালে হেলেনে স্কুল সলনি কৰি আন এখন স্কুলত নামভৰ্তি কৰাৰ সিদ্ধান্ত ল’লে।

বিবিচি- ৰ বাতৰি অনুসৰি আমেৰিকা-মেক্সিকো সীমান্তৰ ওচৰৰ টেক্সাছৰ ব্ৰাউনছভিলৰ লিংকন পাৰ্ক স্কুলখন বাহিৰৰ পৰা দেখাত আমেৰিকাৰ আন যিকোনো বিদ্যালয়ৰ দৰেই। সন্মুখত বালি আৰু ইটা গোট খোৱা, স্কুল বাছ ৰখাই থোৱা আৰু বিদ্যালয় গৃ্হৰ ওপৰত উৰি আছে ৰাষ্ট্ৰীয় পতাকা। কিন্তু ভিতৰৰ পৰিৱেশ আন বিদ্যালয় বিলাকৰ দৰে নহয়।

কাৰণ, বিদ্যালয় খনত ছাত্ৰীৰ কথা-বতৰাবোৰৰ লগতে কেঁচুৱাৰ কান্দোন আৰু অস্ফুট শব্দও শুনা যায়। বিদ্যালয়ৰ দেৱালত পোষ্টাৰবোৰত লিখা আছে গৰ্ভাৱস্থা সম্পৰ্কীয় কথা। বিদ্যালয়খনৰ মূল ভৱনৰ কাষতে আছে কিশোৰী মাতৃৰ সন্তানৰ বাবে এটি ডে কেয়াৰ চেণ্টাৰ।

বিগত তিনিটা দশকত আমেৰিকাত কিশোৰ-কিশোৰীৰ মাজত জন্মৰ হাৰ হ্ৰাস পাইছে যদিও হিস্পানিক যুৱতীসকলৰ মাজত কিশোৰ অৱস্থাত হোৱা প্ৰসৱৰ হাৰ আনতকৈ অধিক। লেটিন কিশোৰ-কিশোৰীসকলৰ গৰ্ভধাৰণৰ হাৰ আন যিকোনো সম্প্ৰদায়ৰ তুলনাত সৰ্বাধিক।

২০০৫ চনত লিংকন পাৰ্ক হাইস্কুলে কিশোৰী মাতৃসকলক পঢ়োৱা আৰু সজাগতাৰ কাম আৰম্ভ কৰে। এই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বয়স ১৪ৰ পৰা ১৯ বছৰৰ ভিতৰত। ইয়াৰে ৯৪ শতাংশ লেটিন হিস্পানিক। বিদ্যালয় খনৰ অধিকাংশ শিক্ষাৰ্থীয়েই কম আয়ৰ পৰিয়ালৰ।

হেলেনে যোৱা জুন মাহত কৈছিল যে তেওঁ পূৰ্বৰ স্কুল সলনি কৰি লিংকন পাৰ্ক হাইস্কুলত নামভৰ্তি কৰিছিল কাৰণ তাই নিজৰ সন্তানক স্কুললৈ লৈ যাব পাৰে। এতিয়ালৈকে বিদ্যালয়খনত ৭০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছে।

নতুনকৈ গৰ্ভৱতী ছাত্ৰ-ছাত্ৰীকো এই বিদ্যালয়ত নামভৰ্তি কৰা হয়। অৱশ্যে বহুতেই সন্তান জন্ম দি আগৰ স্কুললৈ উভতি যায়। যোৱা জুন মাহত ১৪ বছৰৰ তলৰ ৭ জন ছাত্ৰ-ছাত্ৰীয়ে এই বিদ্যালয়ত নামভৰ্তি কৰিছিল, ইয়াৰে ৩ গৰাকীৰ ৩ টাকৈ সন্তান আছে।

এই বিদ্যালয়ৰ পাঠ্যক্ৰম আন বিদ্যালয়ৰ দৰেই যদিও পাৰ্থক্য আন বিদ্যালয়তকৈ এইখন বিদ্যআলয় কিছু ক্ষেত্ৰত পৃথক। যেনে, যিখন স্কুল বাছত এই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক অনা-নিয়া কৰা হয়, সেইখন বাছত ছাত্ৰ-ছাত্ৰীৰ লগতে তেওঁলোকৰ ল’ৰা-ছোৱালীৰ বাবেও আসন থাকে।

ৰাতিপুৱা ছাত্ৰ-ছাত্ৰীসকলে নিজৰ সন্তানৰ বাবে আৰু নিজৰ বাবে ব্ৰেকফাষ্ট গ্ৰহণ কৰে। শিশুসকলক শ্ৰেণীকোঠালৈ যোৱাৰ আগতে মাতৃ ছাত্ৰী সকলে বিনামূলীয়াকৈ নিজৰ নিজৰ সন্তানক শিশুযত্ন কেন্দ্ৰত ৰখাৰ সুযোগ আছে বিদ্যালয়খনত।

এই বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক নিজৰ সন্তানক চিকিৎসকৰ ওচৰলৈ নিবৰ বাবে ছুটী দিয়া হয়। বিজ্ঞানৰ শ্ৰেণীকোঠাৰ এটা ৱাৰ্ডৰবত শিশুৰ বাবে কাপোৰ ৰখা হৈছে। যিসকল মাতৃয়ে প্ৰয়োজন অনুভৱ কৰে তেওঁলোকে সন্তানৰ বাবে তাৰ পৰা কাপোৰ কানি নিব পাৰে।

লিংকন পাৰ্ক হাইস্কুলে ছাত্ৰ-ছাত্ৰীসকলক ঘনিষ্ঠতা আৰু সঠিক যৌন শিক্ষা প্ৰদান কৰে। ইয়াত নিজৰ সংগীৰ সৈতে কেনেকৈ নিৰাপদ আৰু অন্তৰংগ হ’ব পাৰি তাৰ পাঠ দিয়া হয়। আন মানুহ বাবে বিষয়টো আচৰিত যেন লাগিব পাৰে, কিন্তু এইখন বিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে ই এক স্বাভাৱিক কথা।

হেলেনৰ দৰেই বিদ্যালয়খনত আছে আন এগৰাকী কিশোৰী মাতৃ। নাম তেওঁৰ এলেক্সিছ। ১৫ বছৰ বয়সত এলেক্সিছে গৰ্ভৱতী হোৱা বুলি জানিব পাৰে। সন্দেহৰ ভিত্তিত এলেক্সিছে ঘৰতে তিনিটাকৈ গৰ্ভাৱস্থা পৰীক্ষা কৰি তিনিবাৰ পজিটিভ ৰিজাল্ট লাভ কৰে।

ইয়াৰ পিছতো তেওঁ গৰ্ভৱতী বুলি বিশ্বাস নহ’ল আৰু তাই চিকিৎসকৰ ওচৰলৈ গ’ল। পৰীক্ষাৰ পিছত চিকিৎসকে ক’লে যে এলেক্সিছ এক সন্তানৰ মাক হ’বলৈ গৈ আছে। ইয়াৰ পিছতে এলেক্সিকে নিজৰ পঢ়ি থকা স্কুলখন এৰিব লগাত পৰে। তাৰ পিছত এলেক্সিছে লিংকন পাৰ্ক হাইস্কুল বিচাৰি পায়। এতিয়া এলেক্সিছ তাতেই পঢ়ি আছে। তেওঁৰ পুত্ৰ সন্তানৰ বয়স এতিয়া প্ৰায় এবছৰ।

আমেৰিকাৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচনৰ তথ্য অনুসৰি দেশখনৰ ১৫ৰ পৰা ১৯ বছৰৰ ভিতৰৰ প্ৰতি ১০০০ গৰাকী ছোৱালীৰ ভিতৰত ১৫ গৰাকীয়ে ২০২০ চনত সন্তান জন্ম দিছিল। এই তথ্যত ১৫ বছৰৰ তলৰ ছোৱালীৰ জন্মৰ হাৰ অন্তৰ্ভুক্ত কৰা হোৱা নাই।

দেশখনৰ কিশোৰ-কিশোৰীৰ জন্মৰ হাৰ হ্ৰাস পাইছে যদিও টেক্সাছৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ অধিক। কিশোৰ-কিশোৰীৰ জন্মৰ সৰ্বাধিক হাৰৰ ক্ষেত্ৰত শীৰ্ষ ১০খন ৰাজ্যৰ ভিতৰত প্ৰথম স্থানত আছে টেক্সাছ।

ব্ৰাউনছভিল চহৰত কিশোৰীৰ গৰ্ভধাৰণৰ হাৰ ১২। এই চহৰত ১০ গৰাকী কিশোৰৰ ভিতৰত ১ গৰাকীয়ে সন্তান জন্ম দিয়ে। টেক্সাছত কিশোৰ-কিশোৰীসকলে গৰ্ভধাৰণ কৰে। বিশেষজ্ঞসকলে কয় যে ৰাজ্যখনৰ গৰ্ভপাতৰ কঠোৰ আইন আৰু বিদ্যালয়ত যৌন শিক্ষাৰ অভাৱেই ইয়াৰ প্ৰধান কাৰণ।

ধৰ্মীয় আৰু সম্প্ৰদায়ৰ নেতা গোট দ্য লিবাৰেল টেক্সাছ ফ্ৰিডমে প্ৰকাশ কৰা অনুসৰি টেক্সাছৰ প্ৰায় ৫৮ শতাংশ বিদ্যালয়ে যৌন শিক্ষা প্ৰদান কৰে। আৰু ২৫ শতাংশ বিদ্যালয়ত যৌন শিক্ষা একেবাৰেই নাই।

লিংকন পাৰ্ক হাইস্কুলৰ অধ্যক্ষ চিন্থিয়া কাৰ্ডেনাছে কয় যে, “যেতিয়ালৈকে আমি তেওঁলোকৰ সৈতে এইবোৰ কথা নাপাতো, তেতিয়ালৈকে তেওঁলোকে এই বিষয়ে একো নাজানে।”।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

June 16, 2026 3:02 pm
বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm
টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

June 16, 2026 3:02 pm
বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd