আমগুৰিত শিৱসাগৰ জিলা আৱকাৰী বিভাগ আৰু আমগুৰি আৰক্ষীৰ সুৰা বিৰোধী অভিযান

সুৰা

বুধবাৰে শিৱসাগৰ জিলা আবকাৰী বিভাগ আৰু আমগুৰি আৰক্ষীৰ এটা দলে পুৱাৰে পৰা আমগুৰিৰ বিভিন্ন স্থানত সুৰা বিৰোধী অভিযান চলায়।

অভিযান কালত আৱকাৰী আৰু আৰক্ষীৰ দলটোৱে আমগুৰিৰ বিভিন্ন স্থানত থকা কেইবাটাও চুলাই ভাটি ধ্বংস কৰাৰ লগতে প্ৰায় ৮০০০ লিটাৰ চুলাই প্ৰস্তুতৰ বাবে ব্যৱহাৰ কৰা তৰল কেঁচা সামগ্ৰীৰ মিশ্ৰণ সহ কেইবাশ লিটাৰ চুলাই জব্দ কৰে।

উল্লেখযোগ্য যে বৃহত্তৰ আমগুৰি অঞ্চলৰ দেওৰজা, জৰাধৰা, মানটনিয়া, জেহেনিয়া আদি অঞ্চলত অবৈধভাৱে বহু চুলাই ভাটি গঢ়ি উঠিছে। ফলত অঞ্চলটোৰ শৈক্ষিক আৰু সামাজিক পৰিৱেশ বিনষ্ট হোৱাৰ লগতে যুৱচামলৈ ধ্বংস মাতি আনিছে।

আনহাতে আমগুৰিত আবকাৰী বিভাগৰ দৰে এটা বিয়াগোম বিভাগ আছে যদিও বিভাগটোৱে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল। ইয়াৰ বিপৰীতে বিভাগটোৰ ছত্ৰছায়াতে অঞ্চলটোৰ বিভিন্ন স্থানত কেইবাটাও বৃহৎ চুলাই ভাটি গঢ়ি উঠা বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰে।

ইফালে আমগুৰি আৱকাৰী বিভাগে নীৰৱ ভূমিকা গ্ৰহণ কৰাৰ ফলত বুধবাৰে শিৱসাগৰ জিলা আবকাৰী বিভাগৰ পৰিদৰ্শক আশুতোষ বৰুৱা আৰু আমগুৰি আৰক্ষীৰ মাধৱ দাসৰ নেতৃত্বত ২৬ জনীয়া এটা দলে অঞ্চলটোত সুৰা বিৰোধী অভিযান চলাবলৈ বাধ্য হয়। অভিযানকালত আভিযানকাৰী দলটোৱে চুলাই ভাটি সমূহ উচ্ছেদ কৰাৰ লগতে চুলাই প্ৰস্তুত কৰা নিবেদিতা গগৈ, নিতুমনি গগৈ, জুলি গগৈ, নিৰুপমা গগৈ, প্ৰেমধৰ বৰা, সুনিতা ভৰালীক গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।