শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ এগৰাকী যুৱ কংগ্ৰেছীৰ বিৰুদ্ধে পল্লবী নেওগ নামৰ এগৰাকী যুৱতীয়ে ছ’চিয়েল মিডিয়া ফেইচবুকৰ জৰিয়তে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰি আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগীৰ লগতে আমগুৰি সমষ্টি নৱ নিৰ্বাচিত যুৱ কংগ্ৰেছ কমিটি।
প্ৰাপ্ত বাতৰি অনুসৰি যোৱা ৬ জুলাইত পল্লবী নেওগ নামৰ এগৰাকী যুৱতীয়ে নিজৰ ফেইচবুক একাউণ্টেৰে আমগুৰি সমষ্টি যুৱ কংগ্ৰেছৰ নৱ নিৰ্বাচিত উপ সভানেত্ৰী কৃষ্ণা বৰা আৰু আন এগৰাকী যুৱ কংগ্ৰেছী সদস্যাৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল।
নৱ নিৰ্বাচিত উপ সভানেত্ৰীগৰাকীয়ে আমাৰ সাংবাদিকৰ আগত কয়, ‘এই ঘটনাৰ জৰিয়তে যুৱতীগৰাকীয়ে মোৰ ভাৱমূৰ্তী ম্লান কৰাৰ চেষ্টা চলাইছে। মোৰ বিৰুদ্ধে যি অভিযোগ আনিছে সেয়া সম্পূৰ্ণ ভিত্তিহীন। সেয়ে যোৱা ৯ জুলাইত গৌৰীসাগৰ আৰক্ষীৰ ওচৰত পল্লবী নেওগৰ বিৰুদ্ধে এক অভিযোগ দাখিল কৰিছো’।
আনহাতে আমগুৰি সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি পংকজ গগৈয়েও পল্লবী নেওগৰ বিৰুদ্ধে গৌৰীসাগৰ আৰক্ষী থানাত অনুৰূপ অভিযোগ দাখিল কৰিছে। জানিব পৰামতে গৌৰীসাগৰ আৰক্ষীয়ে এই সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ ৫০০/৫০৯, আৰু আই.টি.এক্টৰ ৬৬/৬৭ ধাৰাৰ অধীনত ১৫১/১৮ নম্বৰৰ এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।