আমাৰ হেঁচাত পৰি ৰাজ্য চৰকাৰে অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত বাতিল কৰিলে : তৰুণ গগৈ

অসম চৰকাৰে আইন প্ৰণয়নৰ জৰিয়তে যোৰহাটত স্থাপন কৰা অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি ব্যাপক আৰু তীব্ৰ প্ৰতিবাদ হোৱাৰ পিছত এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ ওলাইছে চৰকাৰ।

আজি বিধানসভাৰ মজিয়াত এই বিষয়টোক লৈ হোৱা তীব্ৰ বাক-বিতণ্ডাৰ মাজেৰে হোৱা আলোচনাৰ পিছত বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে বিশ্ববিদ্যালয়খনৰ স্বীকৃতি বাতিল নহয় বুলি ঘোষণা কৰে। বিৰোধীয়ে এই প্ৰসংগটোত বিশ্ববিদ্যালয়খন বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে সবল যুক্তি দাঙি ধৰিছিল। শেষত আজি সদনত এই সিদ্ধান্ত বাতিল কৰাৰ কথা ঘোষণা কৰা হ’ল।

স্বাভাৱিকতে ই উৎফুল্ল কৰি তুলিছে বিশ্ববিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰী আৰু ইয়াৰ সৈতে জড়িত সকলো পক্ষকে।

আজি দিনটোৰ বিধানসভাৰ অধিৱেশনৰ পিছত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰকাশ কৰি কয়, ‘মহিলা বিশ্ববিদ্যালয় বন্ধ কৰাৰ প্ৰসংগতো আমি তেওঁলোকক আলোচনা কৰিবলৈ বাধ্য কৰালো। আজি তেওঁলোকে এইখন বন্ধ কৰাৰ সিদ্ধান্ত বাতিল কৰাৰ কথা ঘোষণা কৰিলে। প্ৰাৰম্ভিক পৰ্য্যায়ত এই মহিলা বিশ্ববিদ্যালয়ৰ কিছু আসোঁৱাহ থকাটো স্বাভাবিক।

আনহাতে বিজেপি চৰকাৰখনে সকলো কথাতে কংগ্ৰেছ চৰকাৰক দোষাৰোপ কৰা বুলি মন্তব্য কৰি গগৈয়ে কয়, ‘প্ৰথম অবস্থাত উপাচাৰ্য্য এগৰাকী বিচাৰি নোপোৱাৰ বাবে আমি মেণ্টৰ নিযুক্তি দিছিলো। সেই অৰ্ডাৰটো সেই সময়ত শিক্ষা মন্ত্ৰীয়ে দিছিল। সেই অৰ্ডাৰ কপিটোত উপাচাৰ্য্য নিযুক্তি নিদিয়ালৈকে মেণ্টৰ নিযুক্তি দিয়া প্ৰক্ৰিয়াটো অস্থায়ী বুলি উল্লেখ আছিল।‘

ইয়াৰ বিপৰীতে তেওঁ বিজেপি চৰকাৰৰ দিনতে মহিলা বিশ্ববিদ্যালয়ৰ উন্নয়নমূলক কাম-কাজ পিছ পৰি থকা বুলি অভিযোগ তোলে।

তেওঁৰ মতে ‘বিশ্ববিদ্যালয়খনৰ আচাৰ্য্যৰ পদত মুখ্য মন্ত্ৰী নিজে আছে। এই সংক্ৰান্তত ২০১৬ চনৰ ৬ ছেপ্তেম্বৰত এখন বৈঠক অনুষ্ঠিত কৰি তাত নতুন নতুন সভ্য কিছুমান অন্তৰ্ভুক্ত কৰিলে। সত্ৰাধিকাৰ পিতাম্বৰ দেবগোস্বামী, দয়ানন্দ গোস্বামী, মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীকে ধৰি অন্য বহুকেইজনক সভ্যৰ দ্বায়িত্ব অৰ্পণ কৰিছিল। সেই সভাতে শিক্ষকৰ বাবে ১০৫টা পদত নিযুক্তিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। লগতে আন্তঃগাঁথনি নিৰ্মাণৰ বাবদ ১৫০ কোটি টকা ধাৰ্য্য কৰিছিল আৰু ১০ কোটি টকা প্ৰথম পৰ্য্যায়ত মুকলি কৰাৰ কথা ঘোষণা কৰিছিল। কিন্তু দুৰ্ভাগ্যজনক কথা কাৰ্য্যকালৰ দুটা বৰ্ষ অতিক্ৰম কৰাৰ পিছতো বিজেপি চৰকাৰে বৰ্তমানলৈকে মহিলা বিশ্ববিদ্যালয়ৰ বাবে একো কামেই কৰিব পৰা নাই। এই ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰক দোষাৰোপ কৰিলে নহ’ব।‘

ইয়াৰোপৰি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে অসম মহিলা বিশ্ববিদ্যালয়খনক বিশ্ববিদ্যালয় অনুদান আয়োগে ২০১৪ চনৰ ২ ডিচেম্বৰ তাৰিখে স্বীকৃতি প্ৰদান কৰা বুলিও সদৰী কৰে।

লগতে তেওঁ কয়, ‘য়ু জি চিয়ে ১৫০ কোটি টকা অনুদান আগবঢ়োৱাৰ কথা কৈছিল। কংগ্ৰেছে মাত্ৰ ২০১৫ চনটোহে শাসন চলাবলৈ পালে। ২০১৬ চনৰ পৰা বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছতো আজি ২ বছৰে তেওঁলোকে কিয় মেণ্টৰ বুজৰবৰুৱাক আঁতৰাই স্থায়ী উপাচাৰ্য্য নিযুক্তি দিব নোৱাৰিলে? বুজৰবৰুৱাই বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলৰ জীবনক লৈ হেতালি খেলিছে। যিমান গুৰুত্ব সহকাৰে বিষয়টো ল’ব লাগিছিল তেওঁ লোৱা নাই।‘

আনহাতে পুনৰ আক্ৰমণাত্মক হৈ গগৈয়ে শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মহিলা বিশ্ববিদ্যালয়ৰ পূৰ্ণাংগ ৰূপ দিয়াত কোনো আগ্ৰহ নাই বুলি মন্তব্য কৰে।

এই সন্দৰ্ভত গগৈয়ে কয়, ‘আছুকে ধৰি বিভিন্ন দল-সংগঠনে আন্দোলন-প্ৰতিবাদ কৰাতহে তেওঁলোকে এই মহিলা বিশ্ববিদ্যালয়খন ৰখাৰ সিদ্ধান্ত লৈছে। অন্যথা তেওঁলোকে কেৱল মহিলাৰ বাবে থকা উত্তৰ-পূবৰ একমাত্ৰ বিশ্ববিদ্যালয়খনক নিম্ন পৰ্য্যায়ৰ প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰি আছিল।‘

আনহাতে গগৈয়ে অধ্যক্ষই বিধায়কসকলক সদনৰ বাহিৰত সংবাদ মাধ্যমৰ সন্মুখত নিজৰ মত ব্যক্ত কৰাত বাধা আৰোপ কৰা সন্দৰ্ভত কয়, ‘আমি কোনো দাগী-অপৰাধী নহয় যে আমাৰ বাক-স্বাধীনতাত অধ্যক্ষই বাধা আৰোপ কৰিব। যদি কোনো অসংবিধানিক মন্তব্য দিছো তেন্তে মোৰ বিৰুদ্ধে একশ্যন লোৱাৰ অধিকাৰ তেওঁৰ আছে। মোৰ ঘৰৰ কাষৰে এখন মহিলা বিশ্ববিদ্যালয় বন্ধ হৈ যাব ধৰাত মই কেতিয়াও মনে মনে থাকিব নোৱাৰো। আজি কংগ্ৰেছৰ লগতে অসমবাসীৰ জয় হ’ল।‘

শেষত গগৈয়ে সংবাদ মাধ্যমৰ জৰিয়তে আছুকে ধৰি প্ৰতিবাদ কৰা দল-সংগঠন,  সকলো ছাত্ৰ-ছাত্ৰী আৰু মহিলাকে ধন্যবাদ জ্ঞাপন কৰে।