আলফা (স্বাঃ)ৰ ভিডিঅ’ত অপহৃত দীননাথৰ স্বীকাৰোক্তিৰ পাছত ৰাধা চেতিয়াৰ ঘৰৰ সন্মুখত গোৰ্খা ছাত্ৰ সন্থাৰ ধৰ্ণা

DinanathUpadhya

দীননাথ উপাধ্যায়ক মুকলি কৰি আনিবলৈ দাবী জনাই ৰাধা চেতিয়াৰ ঘৰৰ সন্মুখত গোৰ্খা ছাত্ৰ সন্থাৰ ধৰ্ণা।

যোৱা ৮ জুনত আলফা (স্বাঃ)-এ গোপাল ওৰফে দীননাথ উপাধ্যায়ক অপহৰণ কৰি নিয়াৰ পাছত কালি অপহৃত দীননাথৰ স্বীকাৰোক্তি সম্বলিত এটা ভিডিঅ’ আলফা স্বাধীন (Ulfa Swadhin)ৰ ফেইচবুক পেইজত প্ৰচাৰ হোৱাৰ পিছত আজি জাগুনৰ ব্যৱসায়ী তথা দীননাথ উপাধ্যায়ে চাকৰি কৰা ক্ষুদ্ৰ চাহবাগিচাখনৰ মালিক ৰাধা চেতিয়াৰ বাসগৃহৰ সন্মুখত গোৰ্খা ছাত্ৰ সন্থাই প্ৰতিবাদী ধৰ্ণা দিয়ে।

উল্লেখযোগ্য যে কালি প্ৰচাৰিত ভিডিঅ’টোত দীননাথ উপাধ্যায়ে তেওঁৰ অপহৰণৰ বাবে মাৰ্ঘেৰিটাৰ বিজেপিৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু বাগিচাখনৰ মালিক ৰাধা চেতিয়াক দোষাৰোপ কৰিছিল। উক্ত ভিডিঅ’টোত দীননাথে কৈছিল, “মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু তেওঁৰ ঘনিষ্ঠ জাগুনৰ ব্যৱসায়ী ৰাধা চেতিয়াই মোক আলফা আৰু এন এছ চি এনৰ বিৰুদ্ধে চোৰাংচোৱা গিৰি কৰিবলৈ ৰাখিছিল।”

ভিডিঅ’টোত দীননাথ উপাধ্যায়ে উল্লেখ কৰিছে যে আলফা আৰু এন এছ চি এনৰ কিমান উগ্ৰপন্থী আহে কিমান অস্ত্ৰ-শস্ত্ৰ আনে ইত্যাদি খবৰ সংগ্ৰহৰ বাবে দীননাথ উপাধ্যায়ক নিৰ্দেশ দিছিল। ইয়াৰ বিনিময়ত দৰমহা বৃদ্ধিৰ লগতে  বোনাচ দিয়াৰ কথা দিছিল বিধায়ক ভাস্কৰ শৰ্মা আৰু ব্যৱসায়ী ৰাধা চেতিয়াই। দীননাথ উপাধ্যায়ে তেওঁলোকৰ নিৰ্দেশতে দুৰ্নীতি কৰা বুলি ভিডিঅ’টো প্ৰকাশ কৰিছে। তদুপৰি বিধায়ক ভাস্কৰ শৰ্মাই মাৰ্ঘেৰিটা সমষ্টিৰ জাগুনত বিভিন্ন স্থানত থকা বনাঞ্চল সমূহত ভাস্কৰ শৰ্মাই অন্য ঠাইৰ পৰা মানুহ আনি সংস্থাপিত কৰিছে বুলিও দীননাথে অভিযোগ কৰিছিল।

লগতে ভিডিঅ’টোত উপাধ্যায়ে চাকৰিৰ কালত দুটা খবৰ ভাস্কৰ শৰ্মা আৰু ৰাধা চেতিয়াক দিয়া বুলি উল্লেখ কৰি বিধায়ক আৰু চেতিয়াই চোৰাংচোৱাগিৰিৰ বাবে আৰু বহু মানুহ ৰখা বুলি প্ৰকাশ কৰিছে। উপাধ্যায়ক বেয়া পথ লব’লৈ বাধ্য কৰোৱাৰ বাবে ভাস্কৰ শৰ্মা আৰু ৰাধা চেতিয়াই জগৰীয়া বুলি ভিডিঅ’টোত প্ৰকাশ কৰিছিল। শেষত দীননাথ উপাধ্যায়ক তেওঁক শীঘ্ৰে মোকলাই নিয়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভিডিঅ’টোত অনুৰোধ জনাইছিল।

এই ভিডিঅ’টো প্ৰকাশ পোৱা পাছতে টিৰাপ জাগুন গোৰ্খা ছাত্ৰ সন্থা তথা স্থানীয় লোক আৰু দীননাথ পৰিয়ালৰ লোকসকলে আজি জাগুনস্থিত ব্যৱসায়ী ৰাধা চেতিয়াৰ বাসগৃহৰ সন্মুখত দীননাথৰ মুক্তিৰ ব্যৱস্থা কৰাৰ দাবীত হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰক,  আলফা স্বাধীনে দীননাথক মুক্তি দিয়ক, ৰাধা চেতিয়াই দীননাথৰ মুক্তিৰ ব্যৱস্থা কৰক আদি দাবীৰে প্ৰায় ১ঘণ্টা ধৰি ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে। অৱস্থান ধৰ্ণা কাৰ্যসূচীৰ সময়ত জাগুন আৰক্ষী উপস্থিতিত বিতৰ্কিত ব্যৱসায়ী ৰাধা চেতিয়াই প্ৰতিবাদী ৰাইজক আশ্বাস প্ৰদান কৰে যে দীননাথ উপাধ্যায়ৰ মুক্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে।

অন্যহাতে ৰাধা চেতিয়াই আজিও সংবাদ মাধ্যমৰ পৰা আঁতৰি থাকে। ইয়াকে লৈ এক ৰহস্যৰ সৃষ্টি হৈছে। কি কাৰণত সংবাদ মাধ্যমৰ পৰা ৰাধা চেতিয়া আঁতৰি আছে ইয়াকে লৈও আজিৰ প্ৰতিবাদী ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে।

উল্লেখযোগ্য যে যোৱা ৮ জুনত দীননাথ উপাধ্যায়ক অপহৰণৰ পাছত অৰ্থাৎ ১২ জুনত আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই ব্যৱসায়ী ৰাধা চেতিয়ালৈ টেলিফোন কৰি অপহৰণ দায়িত্ব স্বীকাৰ কৰিছিল। ইয়াৰ উপৰি কালি আলফাৰ জ্যেষ্ঠ নেতা মাইকেল ডেকা ফুকনে পুনৰ ৰাধা চেতিয়াক ফোন কৰি দীননাথৰ মুক্তিৰ বাবদ ৩ কোটি ৫০ লাখ টকা দাবী কৰিছিল।

আনহাতে আলফা স্বাধীনে এই অপহৰণ কাণ্ডৰ পিছতেই জাগুন আৰক্ষী চকীৰ অন্তৰ্গত টিৰাপ নৈৰ সিপাৰে অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত থকা দুখনকৈ ক্ষুদ্ৰ চাহ বাগিচাৰ অনা অসমীয়া দুগৰাকী ব্যৱসায়ীক অপহৰণৰ পৰিকল্পনা কৰিছিল বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে। ইপিনে অপহৃত দীননাথ উপাধ্যায়ৰ এই চাঞ্চল্যকৰ ভিডিঅ’ আলফা স্বাধীনে ৰাজহুৱা কৰাৰ পিছতে তিনিচুকীয়া জিলাৰ লগতে উজনি অসমত এক প্ৰকাৰৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

অন্যহাতে সেনা আৰু আৰক্ষীয়ে বৰ্তমানেও উপাধ্যায়ৰ উদ্ধাৰ অভিযানৰ বাবে অসম অৰুণাচল আৰু ম্যানমাৰ সীমান্তৱৰ্তী অঞ্চলত ব্যাপক অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।