আলফা (স্বা)ৰ দ্বাৰা নিৰীহৰ ওপৰত চলোৱা হত্যালীলা বন্ধ কৰাৰ আহ্বান মৰাণ ছাত্ৰ সন্থাৰ

অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ ওপৰত আলফা স্বাধীনে কৰা আক্ৰমণৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম মৰাণ ছাত্ৰ সন্থা। আলফাৰ এনে কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দি ছাত্ৰ সংগঠনটোৰ সভাপতি অৰুণজ্যোতি মৰাণ কয় ‘ নিৰীহ লোকৰ তেজেৰে কোনো বিপ্লৱী সংগঠনে বিপ্লৱী সত্তা জীয়াই ৰাখিব নোৱাৰে। আমি আলফা(স্বা)ৰ এনে হঠকাৰী কাৰ্যকলাপক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে তেওঁলোকক নিৰীহ লোকৰ উপৰত চলাই অহা হত্যালীলাক বন্ধ কৰিবলৈ আহ্বান জনাইছো’

উল্লেখযোগ্য যে যোৱা কিছুদিনৰে পৰা তিনিচুকীয়া জিলাত আলফাৰ হিংসাত্মক কাৰ্যকলাপ বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে।

১১ ডিচেম্বৰত আলফা(স্বা)ৰ দ্বাৰা সংঘটিত তিনিচুকীয়া জিলাৰ ডিৰাক বৰডুমচাৰ অন্তেশ্বৰ মহন্ত আৰু তেওঁৰ পুত্ৰ কৰুণ মহন্তৰ হত্যাকাণ্ডৰ ঘটনাৰ চাঞ্চল্য মাৰনৌযাওঁতেই পুনৰ আলফা(স্বা)এ তিনিচুকীয়া জিলাৰ সমাজকৰ্মী তথা ব্যৱসায়ী দিলীপ ফুকনৰ পুত্ৰ অৰ্ণৱ ফুকন(২৪)ক অপহৰণ কৰা কাৰ্যক সদৌ মৰাণ ছাত্ৰ সন্থাই গভীৰ উদ্বেগ প্ৰকাশ কৰে। সংগঠনটোৱে অপহৃত নিৰীহ যুৱক অৰ্ণৱ ফুকনক শীঘ্ৰে বিনা চৰ্তে সু-শৰীৰে মুকলি কৰি দিবলৈ আহ্বান জনায়। মন কৰিব লগীয়া যে অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰ আৰক্ষী চকীৰ অন্তৰ্গত খামডু গাঁৱৰ পৰা অহা পাঁচজন সন্দেহযুক্ত আলফা (স্বা) কেডাৰে ১৫ ডিচেম্বৰত অৰ্ণৱক অপহৰণ কৰি নিছিল। আনহাতে ১১ ডিচেম্বৰত অন্তেশ্বৰ মহন্ত আৰু তেওঁৰ পুত্ৰক ভাৰতীয় সেনাৰ চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত হত্যা কৰা হৈছিল বুলি উগ্ৰপন্থী সংগঠনটোৱে জানিবলৈ দিয়ে। নিহত অন্তেশ্বৰ মহন্ত গাঁওৰক্ষী বাহিনীৰ সভাপতিৰূপে থকাৰ লগতে তেওঁৰ পুত্ৰ অৰুণ মহন্ত আছুৰ কাকপথাৰ আঞ্চলিকৰ প্ৰাক্তন সভাপতি আছিল। আনহাতে অৰ্ণৱ ফুকনৰ অপহৰণৰ দুদিন পিছৰে পৰা নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত তীব্ৰ অভিযান চলাই আছে যদিও এতিয়ালৈকে তেওঁক উদ্ধাৰ কৰাত সফল হ’ব পৰা নাই।

ইফালে বুঢ়ীদিহিং-বৰডুমচাত ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ  অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ ৭৪ সংখ্যক অধিৱেশনখন অনুষ্ঠিত হ’ব। অধিৱেশনখনৰ আলম লৈ অসম-অৰুণাচলৰ সীমান্তৱৰ্ত্তী অঞ্চলটোত যাতে কোনোধৰনৰ সমস্যাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সংশ্লিষ্ট সকলো পক্ষকে হিংসাত্মক কাৰ্যকলাপৰ পৰা বিৰত থাকিবলৈ সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে আহ্বান জনায়।