আলি আঃয়ে লৃগাং : বৃহত্তৰ অসমীয়া সমাজ-সংস্কৃতিত মিচিংসকলৰ অতুলনীয় সংযোজন

Ali_Aye_Lrigang_1

আজি ফাগুন মাহৰ প্ৰথমটো বুধবাৰ। অসমৰ অন্যতম ভাষিক সম্প্ৰদায় তথা বৃহত্তৰ অসমীয়া সমাজৰ এটা অবিচ্ছেদ্য অংগ মিচিংসকলে তেওঁলোকৰ প্ৰধান উৎসৱ আলি আঃয়ে লৃগাং এই দিনটোতে উদযাপন কৰে। বিগত বছৰবোৰৰ দৰে আজি ৰাজ্যজুৰি বিভিন্ন ঠাইত সম্প্ৰদায়টোৰ লোকসকলে এই উৎসৱ উদযাপন কৰিব।

প্ৰধানকৈ কৃষি ভিত্তিক এই উৎসৱ মিচিংসকলৰ মাজত কৃষিৰ নতুন বতৰৰ আনুষ্ঠানিক আৰম্ভণি বুলিও ধৰা হয়। সেয়ে এই উৎসৱৰ এটা প্ৰধান আনুষ্ঠানিকতা হ’ল নাঙল, কোৰ আদি লৈ ধান সিঁচা কাৰ্য্যসূচী। এই কাৰ্য্যসূচীত কিছু পৰম্পৰাগত বিশ্বাস অনুসৰণ কৰি মাংগলিক ক্ৰিয়াৰ মাজেৰে আহুধান সিঁচাৰ শুভাৰম্ভ কৰা হয়।

মিচিং ভাষাত ‘আলি’ মানে শস্যৰ বীজ, ‘আঃয়ে’ মানে সিঁচা কাম, আৰু ‘লৃগাং’ মানে ফল।

প্ৰতি বছৰৰ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে এই উৎসৱ পালন কৰি অহা হৈছে। প্ৰথম অৱস্থাত ফাগুন, চ’ত বা ব’হাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰিছিল যদিও ১৯৫৫ চনৰ পৰা মিচিং আগম কৌবাঙৰ সিদ্ধান্তমৰ্মে ফাগুন মাহৰ প্ৰথম বুধবাৰত ইয়াক পালন কৰি আহিছে৷

ধান সিঁচা বা নতুন খেতিৰ শুভাৰম্ভ কৰাৰ আনন্দত মানুহবোৰে নাচি-বাগি আনন্দ কৰে। ভোজ-ভাত খায় আৰু আনকো খুৱায়। ঘৰুৱাভাৱে চাউলৰ পৰা প্ৰস্তুত কৰা মদ- আপং, ছাইমদ পৰিৱেশন কৰা হয়। ডেকা-গাভৰুসকলে মুৰং ঘৰত মিলিত হৈ, ঢোল-পেঁপা বজাই নাচ-বাগ কৰি বিহু মাৰে।

আলি আঃয়ে লৃগাঙে অসমীয়া লোকসংস্কৃতিক লোকবিশ্বাস, নৃত্য, গীত, সুৰ, বাদ্য আদি দিশেৰেও সমৃদ্ধ কৰি আহিছে। কেৱল মিচিং সম্প্ৰদায়েই নহয়, অন্যান্য থলুৱা লোকসকলেও এই উৎসৱত অংশগ্ৰহণ কৰি তেওঁলোকৰ আনন্দৰ অংশীদাৰ হোৱা দেখা যায়।

(ভিডিঅ’টোকে ধৰি ইয়াত ব্যৱহৃত আলোকচিত্ৰসমূহ আমাৰ অনুৰোধমৰ্মে গোলাঘাটৰ চন্দন বৰিয়ে প্ৰেৰণ কৰিছে। এন ই নাওৰ পৰা তেওঁলৈ ধন্যবাদ জ্ঞাপন কৰিলো)।