আশী মেট্ৰিক টন মম ৰপ্তানিৰে এমেৰিকাৰ বজাৰত নুমলীগড় শোধনাগাৰ : বিশ্বৰ ২৫ খন দেশে আমদানি কৰে এন আৰ এল ৱেক্স

এমেৰিকালৈ ৮০ মেট্ৰিক টন মম (wax) ৰপ্তানি কৰিলে নুমলীগড় শোধনাগাৰে।

মঙলবাৰে এই ৰপ্তানিৰ যোগেদি উত্তৰ এমেৰিকাৰ বজাৰত প্ৰৱেশ কৰা নুমলীগড় শোধনাগাৰ ৱেক্স কেন্দ্ৰই যোৱা ৯ ফেব্ৰুৱাৰিত পৰ্তুগাললে ৬৪ মেট্ৰিক টন মম প্ৰেৰণ কৰিছিল। এন আৰ এলে মম ৰপ্তানি কৰা প’লেণ্ডৰ পিছতে পৰ্তুগাল হ’ল দ্বিতীয়খন য়ুৰোপীয় দেশ।

যোৱা ১৩ ফেব্ৰুৱাৰিত দক্ষিণ এমেৰিকাৰ ইকুৱেদৰলৈ এন আৰ এলে ৮৬ মেট্ৰিক টন মম প্ৰেৰণ কৰিছিল। মেক্সিক’, নিকাৰাগুৱা, ব্ৰাজিল, গুৱাতেমালা, চিলি আৰু আৰ্জেণ্টিনাৰ পিছত ইকুৱেদৰ হ’ল এন আৰ এলৰ মম আমদানি কৰা দক্ষিণ এমেৰিকাৰ সপ্তমখন দেশ।

চলিত ফেব্ৰুৱাৰি মাহত কৰা এই তিনিটা ৰপ্তানি ধৰি এন আৰ এলে বিশ্বৰ ২৫ খন দেশলৈ মুঠ ৭৭৮০ মেট্ৰিক টন মম ৰপ্তানি কৰিবলৈ সক্ষম হৈছে।

শোধনাগাৰ সূত্ৰই জনোৱা মতে ইতিমধ্যে ৰপ্তানি কৰা দেশসমূহলৈ অধিক ৰপ্তানি আৰু এই তালিকাত নতুন নতুন দেশ যোগ দি আহি থকা দিনত এন আৰ এল ৱেক্সক বিশ্বপ্ৰসিদ্ধ ব্ৰেণ্ডৰূপে গঢ়াৰ লক্ষ্যৰে তেওঁলোক প্ৰস্তুতি চলাইছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনৰ ৫ ফেব্ৰুৱাৰিত প্ৰকল্পটো দেশৰ নামত উচৰ্গা কৰিছিল।