আহোম যুগৰ কীৰ্তিচিহ্নসমূহৰ আশে-পাশে সমাৱেশ নিষিদ্ধ কৰাৰ বাবে গোহাৰি আটাছুৰ

ৰাজমাও পুখুৰী

আহোম যুগৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহত আৰু অধিক আপদৰ আশংকা কৰি সদৌ টাই আহোম ছাত্ৰ সন্থাই আজি যোৰহাট প্ৰশাসনৰ লগতে অসমৰ আন ঠাইতো এনে স্থান সমূহৰ সমীপত কোনো সংগঠনকে সমাৱেশ অনুষ্ঠিত কৰাৰ অনুমতি নিদিয়াৰ বাবে গোহাৰি জনায়।

শেহতীয়াকৈ যোৰহাটৰ ৰাজমাও পুখুৰীত সংঘটিত ঘটনা সন্দৰ্ভত বিষ্টুৰাম বৰুৱা সভাঘৰত আয়োজিত এক নাগৰিক সভাত আটাছুৱে বেদখল আৰু ক্ষয়ক্ষতিৰ পৰা আহোম কীৰ্তিচিহ্ন সমূহ সুৰক্ষিত আৰু সংৰক্ষিত কৰাৰ পোষকতা কৰে।

আটাছুৰ যোৰহাট জিলাৰ সভাপতি ৰাজীৱ গগৈয়ে কয় যে ঐতিহাসিক ৰাজমাও পুখুৰীত ৰাতিপুৱা আৰ এছ এছ সদস্য সকলে লাঠী চালনাৰ অনুশীলন কৰাটো ভাল লক্ষণ নহয়।

গগৈয়ে কয়, ‘এই ঘটনাটো আৰু ইয়াৰ পূৰ্বে প্ৰায় এবছৰ আগতে এনে এটা দলে আহোম ৰাজপ্ৰসাদ বগোৱা ঘটনাটোৱে এক বৈশিষ্ট্য বহন কৰিছে। প্ৰথমটো ঘটনা বাদ দিলেও এতিয়া কিন্তু আমি কোনো পৰিকল্পনা তলে তলে চলা বুলি আৰু আহোম কীৰ্তিচিহ্ন সমূহ সুৰক্ষিত নহয় বুলি আশংকা কৰিছো।’

তেওঁ কয় যে আনকি আটাছুৱেও এনে সমূহ স্থানত কোনো কাৰ্যসূচী আয়োজন কৰিলে জিলা প্ৰশাসনৰ পৰা অনুমতি লয়। কিন্তু কোনো এক সংগঠনে পুখুৰীটোৰ সমীপতে ৰাতিপুৱা খোজকাঢ়িবলৈ অহা লোক সকলৰ বাবে জনপ্ৰিয় এনে এটা স্থানত লাঠী চালনাৰ প্ৰশিক্ষণৰ দৰে আক্ৰমণাত্মক কাৰ্যসূচী ল’বলৈ -তাকো অনুমতি অবিহনে-  কেনেকৈ পাৰিলে।

গগৈয়ে লগতে কয়, ‘এনে ধৰণৰ কাৰ্যকলাপে সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিব। কাৰণ ই আমাৰ আৱেগত আঘাত কৰিছে।’

উল্লেখযোগ্য যে খ্ৰীষ্টমাছৰ দিনা লাঠী চালনা প্ৰশিক্ষণ কাৰ্যসূচীত বাধা প্ৰদান কৰোঁতে ৰাজমাও পুখুৰীৰ পাৰত আটাছু আৰু আৰ এছ এছ সদস্যৰ মাজত মৰামৰি লগাৰ পাছত দুয়োটা সংগঠনে ইটোৱে সিটোৰ বিৰুদ্ধে যোৰহাট আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল। গগৈয়ে লগতে চৰকাৰে আজিলৈকে এই স্থানসমূহ সংৰক্ষণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে।

আটাছুৱে লগতে আৰক্ষীক ঘটনাটোৰ তদন্ত কৰাৰ বাবে আৰু শান্তি ভংগ কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা ল’বৰ বাবে দাবী জনায়।

নাগৰিক সভাখনত ২০ টাকৈ সংগঠনৰ প্ৰতিনিধিৰ উপৰি অন্যান্য বিভিন্ন ব্যক্তিয়েও অংশ  গ্ৰহণ কৰে।